নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত ৫১৩ বছৰীয়া বৰপূজাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীফুলগুৰি, বুঢ়াগোসাঁই আৰু জগন্নাথ দেৱালয়ৰ ৫১৩ বছৰীয়া আঘোণমহীয়া বৰপূজাৰ আজি সামৰণি পৰে। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা সনাতনী ৰীতি-নীতি, পৰম্পৰাৰে উদযাপন কৰি অহা এই বৰ পূজা এই বেলিও তিনিওখন দেৱালয়তে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন কৰা হয়। ২৬ নৱেম্বৰৰ নিশাৰ পৰা শ্ৰীশ্ৰীফুলগুৰি দেৱালয়ত আৰম্ভ হোৱা এই বৰপূজাৰ আজি চুতিয়াপাৰাৰ জগন্নাথ দেৱালয়ত সফল সমাপ্তি ঘটে। কালি নিশা ৫১৩ বছৰীয়া বৰপূজাৰ মুখ্যদ্বাৰ উন্মোচন, ৫১৩ গচি বন্তি প্ৰজ্বলন, আৰিয়া প্ৰজ্বলন ইত্যাদি কাৰ্যসূচীৰে জগন্নাথ দেৱালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় বৰপূজা। আজি পুৱাৰে পৰা দেৱালয় খনত পুনৰ আৰম্ভ কৰা হয় পূজা-অৰ্চনা। বৰপূজাক লৈ আজি পুৱাৰে পৰা দেৱালয় খনৰ পূজা থলীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। শৰাই -নৈবেদ্য আগবঢ়াই আশীৰ্বাদ লোৱাৰ বাবে পুৱাৰে পৰা দেৱালয় খনলৈ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ সোঁত বয়। এই দেৱালয়ত শৰাই -নৈবেদ্য আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় বুলিও এক লোকবিশ্বাস প্ৰচলিত হৈ আহিছে । আজি দিনৰ ভাগত পুৰোহিতৰ দ্বাৰা হোম-যজ্ঞ, বাথৌ আৰজ ইত্যাদি কাৰ্যসূচীৰে দেৱালয় খনত পূজা -অৰ্চনা কৰি অঞ্চলটোৰ জনসাধাৰণৰ মাজত শান্তি -সম্প্ৰীতি আৰু অপায়-অমংগল মৰিষণৰ কামনা কৰে। এই উপলক্ষে পূজাস্থলীত নাগাৰা নাম, ওজাপালি পৰিৱেশন কৰাৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিয়লি অনুষ্ঠিত মুকলি সভাত ভাগ লৈ বি টি চিৰ সচিব তথা অঞ্চলটোৰ বিশিষ্ট নাগৰিক অমৰেন্দ্ৰ ডেকাই দেৱালয় কেইখনত শ শ বছৰ ধৰি চলি অহা বৰপূজাই বিভিন্ন জাতি -জনগোষ্ঠী, ভাষা -ভাষী লোকেৰে পৰিপূৰ্ণ বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদঢ় কৰি ৰাখিছে বুলি মন্তব্য কৰে। নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়ায় ফুকন বড়োৱে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like