নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান খানক হত্যাৰ হুংকাৰ গেংষ্টাৰৰ

বিশেষ বাৰ্তা, ২৭ জুনঃ কানাডাত পলাতক গেংষ্টাৰ গোল্ডী ব্রাৰে ছলমান খানক হত্যা কৰাটো নিশ্চিত বুলি হুংকাৰ দিছে৷ কিছুদিন পূর্বে বলীউডৰ তাৰকা ছলমান খানক ই–মেইলযোগে হত্যাৰ ভাবুকি দিয়াৰ পিছত এইবাৰ পলাতক গেংষ্টাৰ গোল্ডী ব্রাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে আমি তেওঁক হত্যা কৰিম, আমি নিশ্চিতভাৱে তেওঁক হত্যা কৰিম৷ ভাই চাহেব (লৰেন্স)-এ কৈছিল যে তেওঁ ক্ষমা নোখোজে৷ বাবাই দয়া দেখুৱাব কেৱল তেওঁ দয়াৰ যোগ্য বুলি ভাবে যদি৷ কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ সাক্ষাৎকাৰতো ছলমান খানক হত্যা কৰাটো জীৱনৰ লক্ষ্য বুলি উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে গোল্ডী ব্রাৰ পঞ্জাবৰ গায়ক–ৰাজনীতিক সিদ্ধু মুছেৱালাৰ বিগত বর্ষৰ মার্চ মাহত হত্যা কৰাৰ মাষ্টাৰ মাইণ্ড৷ গোল্ডী ব্রাৰে এই কথাও স্পষ্টকৈ কৈছে যে ছলমান খান তেওঁলোকৰ লক্ষ্য৷ গতিকে তেওঁক হত্যা কৰিবলৈ আমি সদায়েই চেষ্টা চলাই আছোঁ৷

You might also like