নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষা শিক্ষণৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: উজনি অসমৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে কোৰিয়ান ভাষা শিক্ষণৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ। আজি অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এই শিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভনি ঘটোৱা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটীস্থিত বৰাহী ফাউণ্ডেশ্যনৰ সহযোগত কোৰিয়াৰ চেজংস্থিত ‘ৱৰ্ল্ড ফ্ৰেগ্ৰান্ট ক’ৰ্পোৰেশ্যন’ এ ( World Fragrant Cooperation) এই এবছৰীয়া শৈক্ষিক কাৰ্যসূচী ৰূপায়ণ কৰিব।

উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান’ৰ আলোচনা-গৃহত অনুষ্ঠিত আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জীতেন হাজৰিকাৰ ওপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক ড° অৰ্পণা কোঁ‌ৱৰ, গুৱাহাটীৰ বৰাহী ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰতুল কুমাৰ বৰা, বৰ্ল্ড ফ্ৰেগ্ৰান্ট কৰ্পোৰেশ্যনৰ কোৰিয়ান ভাষাৰ শিক্ষক প্ৰাধ্যাপক হীচিয়ন পাৰ্ক( Heeseon Park), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এই অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি উপাচাৰ্য প্ৰাধ্যাপক ড° জীতেন হাজৰিকাই কয় যে কোৰিয়ান ভাষা শিক্ষণৰ এই এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমে কৰ্মনিয়োজনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। উচ্চতৰ মাধ্যমিক শ্ৰেনী উৰ্ত্তীণ সকলো ছাত্ৰ-ছাত্ৰীয়ে এই এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম সমাপ্ত কৰি কোৰিয়াত অথবা ভাৰতত থকা কোৰিয়াৰ প্ৰতিষ্ঠানসমূহত চাকৰিৰ সন্ধান কৰিব পাৰিব।

আজিৰ এই শুভাৰম্বণি অনুষ্ঠানটো চিনাকি-পৰ্বৰে আৰম্ভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক ড° অৰ্পণা কোঁ‌ৱৰে। আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকীয়ে। শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়া অৰিঞ্জিৎ হাজৰিকাই। উল্লেখ্যৰ আৱশ্যক যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোৰিয়ান ভাষাৰ সংযোগী ভাষা হিচাপে এক বিশেষ গুৰুত্ব আছে। এই ভাষাৰ জ্ঞান লাভে অসমৰ ছাত্ৰ ছাত্ৰীসকলক বিদেশী প্ৰতিষ্ঠানত চাকৰি পোৱাত বিশেষভাৱে সহায় কৰিব।

 

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like