নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চিকিৎসকক নিজ গৃহতে হত্যাৰ চেষ্টাঃ ব্যাপক চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: এগৰাকী যুৱ চিকিৎসকক নিজ বাসগৃহতে গুৰালা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই এতিয়া ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চিকিৎসক গৰাকীৰ নিজ বাসগৃহৰ চোতালতে উপৰ্যুপৰি প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি অচেতন অৱস্থাতো গোৰোলা-গুৰুলকৈ আক্ৰমণ কৰি মুমুৰ্ষ অৱস্থাত এৰি যায় দুই যুৱকে। স্থানীয় আৰক্ষী চকীত অভিযোগ দিয়াৰ পাছতো কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়াক যোৱা শনিবাৰে নিজ বাসগৃহৰ চোতালতে দুই যুৱকে হত্যাৰ প্ৰচেষ্টা কৰে যদিও আজিহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।অভিযোগ অনুসৰি দেৱৰাজ বৰগোঁহাই নামৰ এজন যুৱকে আন এজন সতীৰ্থ সহ ডাঃ গীতাৰ্থ শইকীয়াৰ ঘৰত আহি হত্যাৰ প্ৰচেষ্টাৰে উপৰ্যুপৰি আক্ৰমণ কৰে।ফলত ডাঃ শইকীয়াৰ এখন কাণ চিঙি যোৱাৰ উপৰিও মূৰত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ লগতে  দেহৰ বিভিন্ন স্থানত আঘাত পোৱাত ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাব লগাত পৰে। ডাঃ গীতাৰ্থ শইকীয়া মাজুলীত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ কৰি আছিল আৰু মাজুলীৰ পৰা নিজ গৃহত উপস্থিত হোৱাৰ পাছতেই দেৱৰাজ বৰগোঁহাই সহ আন এজন যুৱক ঘৰৰ বাহিৰত উপস্থিত হৈ ডাঃ গীতাৰ্থক বিছাৰে। দেউতাকে ঘৰৰ ভিতৰলৈ আহিবলৈ কোৱাত, গীতাৰ্থকহে বাহিৰলৈ ওলায় আহিবলৈ কয়।কিছু সময়ৰ পাছত চিকিৎসক গীতাৰ্থ ঘৰৰ বাহিৰলৈ ওলায় অহাত বিশেষ কোনো প্ৰশ্নবানৰ সন্মুখীন নোহোৱাকৈয়ে চোতালতে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলায়।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত আক্ৰমণকাৰী যুৱক জনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।বৰ্তমানে সংকতজনক অৱস্থাত থকা চিকিৎসক পুত্ৰৰ ন্যায় বিচাৰি অৱশেষত সংবাদ মাধ্যমৰ কাষত হাতযোৰ কৰি আৰক্ষীলৈ কাতৰ অনুৰোধ জনাই দুৰ্ভগীয়া মাতৃ ৰুমা শইকীয়াই কয় যে মোৰ পুত্ৰৰ ন্যায় লাগিবই।আক্ৰমণকাৰীৰ বিষয়ে স্পষ্টকৈ আৰক্ষীক অভিযোগ দিয়াৰ পাছতো কিয় আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? স্বাভাৱিকতেই উক্ত ঘটনাই চাঞ্চল্যৰ স্বৃষ্টি কৰিছে যদিও আৰক্ষীৰ প্ৰকৃত তদন্ততহে সকলো স্পষ্ট হব বুলি আশা কৰা হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like