নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাৰ চলচ্চিত্র মহোৎসৱত উজলিল অসমৰ পাঞ্চি

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ:  আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জিলিকিছে এগৰাকী অসম কন্যা৷ নাম পাঞ্চী ব্রহ্ম৷ বড়ো চলচ্চিত্রৰ জনপ্রিয় অভিনেত্রী পাঞ্চী ব্রহ্মই কানাডাত অনুষ্ঠিত বিগ ছাউণ্ড আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ ২০২০ত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছে৷

অভিষেক বসু ৰয়ৰ পৰিচালনা আৰু উজ্জ্বল পালৰ কাহিনীৰে নির্মিত ‘ডাস্ক’ শীর্ষক চুটি ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে পাঞ্চীয়ে এই সন্মান লাভ কৰে৷ উল্লেখ্য যে ‘ডাস্ক’ শীর্ষক ছবিখনত কলকাতাৰ ৰেডলাইট এলেকাত বাস কৰা এগৰাকী প্রবাসী নেপালীৰ দেহোপজীৱীনিৰ চৰিত্রত অভিনয় কৰিছে পাঞ্চীয়ে৷

অলপতে এই ছবিখনৰ ট্রেইলৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে৷ ইয়াৰ পূর্বে কানাডাত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বড়ো চিনেমাৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে৷

উল্লেখ্য যে কলকাতা চলচ্চিত্র মহোৎসৱতো প্রদর্শনৰ বাবে নির্বাচিত হৈছে এই চুটি ছবিখন৷ কোকৰাঝাৰৰ বাগানচালিৰ বাসিন্দা পাঞ্চী ব্রহ্মই ইয়াৰ পূর্বেও ৰাষ্ট্রীয় বঁটাপ্রাপ্ত বড়ো পূর্ণ দৈর্ঘ্যৰ ছবি ‘জেলৈ– দ্য–ছীত’ নামৰ ছবিখনত বলিষ্ঠ অভিনয় কৰিছিল৷

You might also like