নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্রত মিঞা সংগ্রহালয়

বিধানসভা নির্বাচনৰ আগমনৰ লগে লগে ৰাজ্যত পুঞ্জীভূত সমস্যাৰাজিয়ে উক দি উঠে৷ ভোটাৰৰ মন জয় কৰিবলৈশাসক–বিৰোধ্ ৰাজনৈতিক দলসমূহে যিদৰে প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়ে, একেদৰে ভোটযুদ্ধৰ সুযোগতে নিজ নিজ সমস্যাৰাজি সমাধানৰ পথ প্রশস্ত হোৱাৰ আশা কৰে ৰাইজে৷ ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাথোঁ পাঁচ মাহ আছে৷ ক’ভিড–১৯ৰ বিভীষিকাই সৃষ্টি কৰা অভূতপূর্ব দুর্যোগৰ মাজতো ৰাজ্যজুৰি নির্বাচনী বতাহ বলিবলৈ ধৰিছে৷ ৰাজনৈতিক বতাহজাকক নিজৰ পক্ষত আনিবলৈ ৰাজনৈতিক দলসমূহৰ নেতাসকল উঠিপৰি লাগিছে৷ নীতি–আদর্শ, বাস্তৱ–বাস্তৱ সকলোবোৰ একাষৰীয়া কৰি ক্ষমতা দখলৰ যি ৰাজনীতি আৰম্ভ হৈছে তাক লৈ স্বাভাৱিকতে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সচেতন লোকসকল উদ্বিগ্ণ হৈছে৷ ক্ষমতা দখলৰ নামত ধর্মীয় মেৰুকৰণৰ ৰাজনীতিও শেহতীয়াকৈ ভয়ানক হৈ উঠিছে৷ ২০০১ চনৰ পৰা একেৰাহে তিনিটা কার্যকাল দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত কংগ্রেছে ক্ষমতা দখলৰ অংকত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে৷ আজমল নেতৃত্বাধীন দলটোৰ জন্মৰ অন্তৰালত থকা কাহিনী আৰু দলটোৰ গণভিত্তি সন্দর্ভত অসমৰ সর্বসাধাৰণ ৰাইজে ভালদৰে জানে৷ ক্ষমতাত থকাৰ সময়ছোৱাত যিটো দলক সাম্প্রদায়িক আখ্যাৰে কংগ্রেছৰ নেতাসকলে নিৰাপদ দূৰত্বত ৰাখিছিল, সেই দলটোৱে এতিয়া এ আই ইউ ডি এফক মিত্র কৰি লৈছে৷ ঘাইকৈ বাংলাদেশী মূলৰ মুছলমানসকলৰ ভোটৰ আশাতেই কংগ্রেছে এনে মিত্রতা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ আনকি তুষ্টিকৰণ নির্বাচনী ৰাজনীতিৰ মুনাফা অর্জনৰ বাবে কংগ্রেছে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপনৰ বাবেও ধৃষ্টতা দেখুৱাইছে৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র হৈছে ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিৰ অন্যতম ফচল৷ অসমৰ সংস্কৃতি তথা গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে স্থাপন কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ যিদৰে ৰাজনৈতিক ষড়যন্ত্র আৰম্ভ হৈছে তাক লৈ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ উদ্বিগ্ণ হোৱাটো নিতান্তই স্বাভাৱিক৷
আগন্তুক বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্রেছে মহাজোঁট গঠনৰ বাবে যি পদক্ষেপ লৈছিল সেয়া কার্যতঃ বুমেৰাং হৈছে৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ চেকা মচিবলৈ কংগ্রেছে বামপন্থী দলকেইটাক সংগী কৰি লোৱাৰ পদক্ষেপ লৈছে৷ অসমবাসীৰ এই কথা অজানা নহয় যে বামপন্থী দলসমূহে বিগত সময়ছোৱাত সীমাহীন দুর্যোগৰ সন্মুখীন হৈছে৷ ৰাজ্যখনত কোনো এখন বিধানসভাৰ আসনত জয়লাভ কৰাৰ জোখাৰে বামপন্থী দলকেইটাৰ একক ক্ষমতা নাই৷ এনে পৰিস্থিতিত কংগ্রেছে তেওঁলোকৰ ধর্মনিৰপেক্ষ চৰিত্রৰ নামত বামপন্থী দলকেইটাৰ সৈতে মিত্রতা কৰিলেও আশাপ্রদ ফলাফল লাভ কৰিব বুলি মনে নধৰে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছে খোপনি হেৰুৱাইছে৷ পার্বত্য জিলাৰ কার্বি আৰু ডিমাচাসকলৰ মাজত থকা গণভিত্তি ইতিমধ্যে নোহোৱা হৈছে কংগ্রেছৰ৷ একেদৰে বিটিএডিৰ ১২খন আসনতো এতিয়া দলীয় প্রার্থী জিকাৰ জোখাৰে কংগ্রেছৰ শক্তি নাই৷ ৰাভা, মিচিং, তিৱা আদি জনগোষ্ঠীৰ মাজতো কংগ্রেছ দলটোৰ নেতা–কর্মীসকল ক্রমে এলাগী হৈছে৷ উজনি অসমত আহোম, চুতীয়া, মৰাণ, মটক আদি জনগোষ্ঠীৰ মাজতো কংগ্রেছৰ জনপ্রিয়তা পূর্বৰ তুলনাত বহুলাংশে হ্রাস পাইছে৷ পৰম্পৰাগত চাহ জনগোষ্ঠীৰ ভোটবেংকতো কংগ্রেছৰ ব্যাপক খহনীয়া অব্যাহত আছে৷ এনে পৰিস্থিতিত কংগ্রেছে ক্ষমতা দখলৰ স্বার্থত এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ ফলত শতিকাপুৰণি দলটোৱে ধর্মনিৰপেক্ষ চৰিত্রত আঘাত হনাই নহয়, অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সুৰক্ষাৰ প্রতিও নিশ্চিতভাৱে তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ লগে লগে শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপনৰ দাবী উত্থাপন হৈছে৷ যদিহে আগন্তুক বিধানসভা নির্বাচনত এই মিত্রজোঁটে ক্ষমতা দখল কৰিবলৈ সক্ষম হয়, তেন্তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অৱস্থা কি হ’ব পাৰে সেয়া চিন্তনীয়৷

You might also like