নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত অসমৰ ১৪টা সমষ্টিয়েই দখল কৰিব বিজেপিয়ে : পাঠশালাত কিৰেণ ৰিজিজু

নিয়মীয়া বাৰ্তা, ২২মেঃ বিজেপিয়ে ২০২৪ চনত হবলগীয়া লোকসভা নিৰ্বাচনত অসমৰ ১৪টা লোকসভা সমষ্টিয়েই দখল কৰিব৷ কাৰণ আমি তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো৷ বৰপেটা লোকসভা সমষ্টিত মোক দায়িত্ব প্ৰদান কৰিছে, গতিকে এইবাৰ বৰপেটা সমষ্টি বিজেপিয়ে দখল কৰাটো একপ্ৰকাৰ খাটাং বুলিব পাৰি৷” -এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ৷ আজি পাঠশালাত অনুষ্ঠিত বিজেপিৰ বজালী জিলা কমিটিৰ কাৰ্যনিৰ্বাহ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “বিগত সময়ছোৱাত প্ৰতিবাৰে কংগ্ৰেছ নাইবা এই আই ইউ ডি এফে ধৰ্ম নাইবা জাত পাতৰ ৰাজনীতি কৰি বৰপেটা লোকসভা সমষ্টিটো দখল কৰি আহিছে৷ কিন্তু এইবাৰ এনেকুৱা নহব৷ আমি প্ৰথম পৰ্য্যায়ৰ পৰাই পথাৰত নামি পৰিছো৷” পথাৰৰ মাটি সাৰুৱা হ’লেহে খেতি ভাল হব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অতি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে বিজেপি চৰকাৰে ৰাইজক যথেষ্ট সহায় সহযোগিতা আগৱঢ়াই আহিছে৷ সেইবাবেই ৰাইজে বিজেপিকে পুনৰ ভোট দান কৰিবলৈ ইতিমধ্যে মন স্থিৰ কৰি লৈছে৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিজেপিয়ে এইবাৰ অসমত পূৰ্বতকৈ অধিক ভাল ফল লাভ কৰিব৷ আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত বৰপেটা লোকসভা সমষ্টিত অগপ নাইবা বিজেপি, কোন দলে টিকট লাভ কৰিব সেইটো ডাঙৰ কথা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰি কয় যে মুঠৰ ওপৰত এইবাৰ বৰপেটা বিজেপি মিত্ৰজোঁটৰ হাতলৈ আহিব৷ আজি পাঠশালাৰ নৈবেদ্য ভৱনত বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ বাবে কেনেদৰে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব পাৰে সেই সন্দৰ্ভত বিভিন্ন দিশ সামৰি আলোচনা কৰে উপস্থিত কাৰ্যকৰ্তাসকলে৷ সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ বিষয়েও আলোচনা কৰা হয়৷ আজিৰ কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ, বিজেপিৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্ট ৰয়, বিজনীৰ বিধায়ক অজয় ৰয়, ৰাজ্যিক মুখপাত্ৰ জানকী খাউণ্ড, বজালী জিলাৰ তত্বাৱধায়ক বিপুল ডেকা আদিৰ উপৰিও বৰপেটা লোকসভা সমষ্টিৰ দায়িত্বত থকা কেবাগৰাকীও প্ৰভাৰীয়ে বক্তব্য প্ৰদান কৰি আগন্তুক দিনত বিজেপিয়ে আৰু অধিক শক্তিশালী ভুমিকা গ্ৰহণ কৰিব বুলি নিজ নিজ ভাষণত মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like