নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টৰ পৰা বন্ধ হ’ব G-mail সেৱা ! আহি আছে ইলন মাস্কৰ X-mail

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : আগষ্টৰ পৰা কাম নকৰিব G-mail-এ। এই গুগল ই-মেইল সেৱা বন্ধ হ’বলৈ গৈ আছে। সম্প্রতি ছ’চিয়েল মিডিয়াত এনে খবৰে চর্চা লাভ কৰিছে৷ অৱশ্যে গুগলে নিজেই এনে জল্পনা-কল্পনাৰ অন্ত পেলাইছে। কিন্তু এই জল্পনা-কল্পনাৰ সময়তে নতুন খবৰ লৈ আহিছে ইলন মাস্কে! জনা মতে, জি-মেইলৰ পৰিপূৰক হিচাপে অতি সোনকালে আহি আছে X-mail ! ইলন মাস্কৰ কোম্পানীয়ে অতি সোনকালে ই-মেইল সেৱা আৰম্ভ কৰিবলৈ ওলাইছে। অৰ্থাৎ জি-মেইলৰ আদৰ্শ বিকল্প হ’ব পাৰে এক্স-মেইল। শেহতীয়াকৈ এক্স হেণ্ডেলৰ নিৰাপত্তা অভিযান্ত্ৰিক দলৰ জ্যেষ্ঠ সদস্য নাথান মেকগ্ৰেডীৰ টুইটৰ পৰাই এই চৰ্চা আৰম্ভ হৈছে। তেওঁ টুইট কৰি জানিব বিচাৰিছিল যে কেতিয়া এক্স-মেইল সেৱা আৰম্ভ হ’ব? যাৰ উত্তৰ মাস্কেও দিয়ে। টেছলাৰ চিইঅ’গৰাকীয়ে কয়- এক্স-মেইল সেৱা আগবঢ়াবলৈ সাজু। ব্যৱহাৰকাৰীয়ে যাতে উত্তম ই-মেইল সেৱা লাভ কৰে, তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে এই সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই গুগলে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে জি-মেইল বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই। এই পৰিস্থিতিত ব্যৱহাৰকাৰীয়ে মাস্কৰ এক্স-মেইলৰ প্ৰতি কিমান আগ্ৰহ প্ৰকাশ কৰে, এতিয়া সেইটোহে লাখটকীয়া প্ৰশ্ন।

You might also like