নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত পয় চাংকেন উৎসৱ পালন

বিশেষ বার্তা, ১৬ এপ্ৰিল : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সমান্তৰালকৈ গৰু বিহুৰ দিনা নিশাৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত বৌদ্ধ ধৰ্মাৱলম্বী বৌদ্ধ বিহাৰ লংজং আৰু তিপাম ফাকেত উলহ-মালহেৰে উদযাপন কৰা হয় পয় চাংকেন। প্ৰণিধানযোগ্য যে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ জনপ্ৰিয় আৰু আনন্দকৰ ধৰ্মীয় উৎসৱ ৰূপে পৰিগণিত এই পয় চাংকেনৰ আৰম্ভণিৰ দিনা তেওঁলোকৰ মন্দিৰৰ মণিকূটত থকা ভগৱান বুদ্ধৰ মূৰ্তিসমূহ শ্ৰদ্ধা আৰু সন্মান সহকাৰে মণিকূটৰ পৰা বাহিৰলৈ উলিয়াই আনি মন্দিৰৰ প্ৰাংগণৰ এক নিৰ্দিষ্ট ঠাইত মুঠ ৫২ ঘণ্টাৰ বাবে প্ৰতিষ্ঠা কৰাৰ লগতে গাঁৱৰ লোকসকলে ন-বস্ত্ৰ পৰিধান কৰি হাতে হাতে নতুন বাল্টি লৈ নদীৰ পৰা পৰিষ্কাৰ পানী কঢ়িয়াই আনি উক্ত মূৰ্তিসমূহৰ ওপৰত ঢলাৰ লগতে ইজনে আনজনৰ গালৈও পানী ছটিয়াই আনন্দোৎসৱত ভাগ লয়। উল্লেখযোগ্য যে মূলত: কৃষি আৰু ঋতু পৰিৱৰ্তনৰ সৈতে জড়িত এই পয় চাংকেনৰ অৰ্থ হল পয় মানে উৎসৱ আৰু চাংকেন মানে থাইলেণ্ডৰ চংক্ৰান বা সংক্ৰান্তি শব্দৰ অপভংগ। মন কৰিবলগীয়া যে প্ৰতি ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত পিঠা-পনা আদিও প্ৰস্তুত কৰা এই উৎসৱৰ বৰ্তমান একমাত্ৰ টাইফাকে জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ থকাৰ পৰিৱৰ্তে আন আন ধৰ্মাৱলম্বী লোকসকলৰ মাজতো বহুল জনপ্ৰিয় হৈ পৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like