ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্য ভ্ৰমণ নথি অবিহনে দেশত থকাৰ অনুমতি দিয়া হ’ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বিগত বছৰত প্ৰৱৰ্তিত নাগৰিকত্ব (সংশোধনী) আইন (চি এ এ) অনুসৰি, ৩১ ডিচেম্বৰ ২০১৪ বা তাৰ পূৰ্বে ভাৰতলৈ অহা এই নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। সম্প্ৰতি প্ৰৱৰ্তিত ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ (নাগৰিক) আইন, ২০২৫ৰ অধীনত জাৰি কৰা এই গুৰুত্বপূৰ্ণ আদেশে বিশেষকৈ পাকিস্তানৰ পৰা ২০১৪ৰ পিছত ভাৰতলৈ অহা হিন্দুসকলৰ বাবে, যিসকলে নিজৰ ভৱিষ্যতৰ বাবে চিন্তিত আছিল, তেওঁলোকৰ বাবে সকাহ প্ৰদান কৰিব।
গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা আদেশ অনুসৰি, “আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়— হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান, যিসকলে ধৰ্মীয় নিৰ্যাতন বা তাৰ ভয়ৰ বাবে ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল আৰু ৩১ ডিচেম্বৰ ২০২৪ বা তাৰ পূৰ্বে বৈধ নথি অবিহনে দেশত প্ৰৱেশ কৰিছিল, তেওঁলোকক বৈধ পাছপ’ৰ্ট আৰু ভিছা থকাৰ নিয়মৰ পৰা ৰেহাই দিয়া হ’ব।”
আদেশত স্পষ্ট কৰা হৈছে যে নেপাল আৰু ভূটানৰ নাগৰিকসকলৰ ভাৰতলৈ আহ-যাহ কৰিবলৈ বা ইয়াত থাকিবলৈ পাছপ’ৰ্ট আৰু ভিছাৰ প্ৰয়োজন নহ’ব, যদিহে তেওঁলোকে ভাৰতৰ সীমান্তৰ পৰা প্ৰৱেশ কৰে। এই ব্যৱস্থা পূৰ্বৰ দৰেই অব্যাহত থাকিব। কিন্তু, যদি কোনো নেপালী বা ভূটানী নাগৰিক চীন, মাকাউ, হংকং বা পাকিস্তানৰ পৰা ভাৰতলৈ আহে, তেন্তে তেওঁলোকৰ হাতত বৈধ পাছপ’ৰ্ট থকাটো বাধ্যতামূলক হ’ব।
একেদৰে, ভাৰতীয় নাগৰিকসকলৰো নেপাল বা ভূটানৰ সীমান্তৰ পৰা ভাৰতলৈ আহ-যাহ কৰিবলৈ পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকে নেপাল বা ভূটানৰ বাহিৰে অন্য কোনো দেশৰ পৰা ভাৰতলৈ ঘূৰি আহে (চীন, মাকাউ, হংকং আৰু পাকিস্তানৰ বাহিৰে), তেন্তে তেওঁলোকে বৈধ পাছপ’ৰ্ট দেখুৱাব লাগিব। ইয়াৰ উপৰি ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ কৰ্মীসকলৰ, যিসকলে কৰ্তব্যৰত অৱস্থাত ভাৰতত প্ৰৱেশ কৰে বা ওলাই যায়, আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ (যদি তেওঁলোকে চৰকাৰী পৰিবহণৰ সৈতে ভ্ৰমণ কৰে) পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নহ’ব।
Niyomiya Barta Desk, 3 September