নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত শাক–পাচলিৰে ভৰিছে মহানগৰীঃ সচেতন হোৱাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: শাক–পাচলিত অত্যধিক মাত্রাত ব্যৱহাৰ কৰা সাৰ, কীটনাশক দ্রব্যই জনস্বাস্থ্যলৈ বিপদ কঢ়িয়াই আনিছে৷ কীটনাশকযুক্ত শাক–পাচলি গ্রহণ কৰাৰ বাবেই কর্কটকে ধৰি আন বিভিন্ন দুৰাৰোগ্য আৰু জটিল ৰোগে মানৱ শৰীৰত থিতাপি লয় বুলিও বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে৷ অধিক উপার্জনৰ আশাত এনেদৰে কীটনাশক আৰু অন্যান্য ৰায়ায়নিক সাৰ ব্যৱহাৰেৰে উৎপাদন কৰা শাক–পাচলি বজাৰত বিক্রী কৰাৰ ক্ষেত্রত কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত কীটনাশকযুক্ত শাক–পাচলিৰে ভৰি পৰাক লৈ উচ্চ ন্যায়ালয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ জনস্বাস্থ্যমূলক এই বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা সীমা ভূঞাই দাখিল কৰা ১৮/২০১৮ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি আজি কৃষি বিভাগক কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ দিছে৷

বিশেষকৈ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা মহানগৰীলৈ কীটনাশক তথা ৰাসায়নিক সাৰযুক্ত শাক–পাচলি অনাৰ ক্ষেত্রত বাধা আৰোপ কৰিব পৰা যায় নেকি, তাক লৈ আলোচনা কৰিবলৈ কৃষি বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷ আজি স্বাস্থ্য, ফৰনেছিক, কৃষিকে ধৰি কেইবাটাও বিভাগৰ বিষয়ববীয়াক উচ্চ ন্যায়ালয়ে এনেধৰণৰ বিষাক্ত শাক–পাচলি মহানগৰীলৈ অহাৰ প্রৱেশ পথতে বাধা দিব পাৰি নেকি, সেই সন্দর্ভতো আদালত অৱগত হয়৷ অৱশ্যে কোন শাক–পাচলিত কিমান পৰিমাণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা হৈছে, সেয়া পৰীক্ষাগাৰত পৰীক্ষা কৰিলেহে সঠিকভাৱে নির্ণয় কৰিব পাৰি বুলি সংশ্লিষ্ট বিষয়াসকলে উচ্চ ন্যায়ালয়ক জানিবলৈ দিয়ে৷ ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে কৃষি বিভাগক এইক্ষেত্রত কিবা ব্যৱস্থা গ্রহণ কৰিব পৰা যায় নেকি, আলোচনাৰ মাধ্যমেৰে তাৰ উপায় উলিয়াবলৈ নির্দেশ দিছে৷ উল্লেখ্য যে এই গোচৰটোত পূর্বৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰি আহিছে৷

You might also like