নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ মেঃ পত্নীৰ নামত গ্ৰাম্য সুৰাৰ অনুজ্ঞা-পত্ৰ লৈ দীৰ্ঘ সময় ধৰি ঐতিহ্যমণ্ডিত মেটেকা ৰাংচলীয়া গাঁৱত অৱৈধভাৱে বিদেশী সুৰাৰ ঘাটি গঢ়ি তোলা কুখ্যাত সুৰা মাফিয়া মইনা ভৰালীৰ অবৈধ ঘাটিত অৱশেষত চলিল জয়সাগৰ আৰক্ষীৰ অভিযান ৷ ঐতিহ্যমণ্ডিত ৰাংচলীয়া গাঁৱৰ নামঘৰৰ সমীপতেই বৃহৎ বিদেশী সুৰাৰ ঘাটি গঢ়ি তুলি বৃহত্তৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ সম্পুৰ্ণৰূপে ধ্বংস কৰি অহা মাফিয়া মইনা ভৰালীৰ গুদামত চলোৱা অভিযানত সাইলাখ ৱাইন শ্বপৰ দৰে লক্ষ লক্ষ টকাৰ বিদেশী সুৰাৰ বটল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সুৰা মাফিয়া পিতা-পুত্ৰৰ অতপালিত বিনিদ্ৰ ৰজনী পাৰ কৰি অহা স্থানীয় ৰাইজৰ গোপন খবৰৰ ভিত্তিত জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত চলা অভিযানকালত মাফিয়াটোৰ গুদামৰ পৰা অভিলেখসংখ্যক ২১ কাৰ্টন বিদেশী সুৰাৰ বটল উদ্ধাৰ হোৱাৰ ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ৷ শিৱসাগৰ জিলা আৱকাৰী বিভাগৰ অৱৈধ সুৰা মাফিয়া চক্ৰৰ সৈতে থকা কমিচনৰ বজাৰ খনৰ প্ৰকৃত স্বৰূপ উদঙাই চলোৱা আৰক্ষীৰ অভিযানত জব্দ হোৱা বিলাতী সুৰাখিনিৰ মূল্য কেইবালাখ টকা হব বুলি জানিব পৰা গৈছে ৷ বিশেষকৈ আবকাৰী বিভাগৰ প্ৰকৃত স্বৰূপ আৰক্ষীৰ অভিযানে নিৰ্লজ্জভাৱে উদঙাই দিয়া ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে মাফিয়া মইনা ভৰালীৰ পত্নীৰ নামত থকা গ্ৰাম্য সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলেৰে এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে ৰাইজে ৷ জয়সাগৰ আৰক্ষীয়ে জি ডি নম্বৰ ৪১৯ নম্বৰৰ অধীনত বিদেশী সুৰাসমুহ জব্দ কৰাৰ লগতে সুৰা মাফিয়া মইনা ভৰালীৰ পত্নী দেৱযানী ভৰালীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ৷ অৱশ্যে ঘটনাৰ পিছৰে পৰা সুৰা মাফিয়া মইনা ভৰালী আৰু উদণ্ড পুত্ৰ সমীৰ ভৰালীয়ে পলায়ন কৰা বুলি আৰক্ষীৰ সূত্ৰই জনাইছে ৷ উল্লেখ্য যে বৃহত্তৰ জয়সাগৰ অঞ্চলত অবৈধ বিদেশী সুৰাৰ ৰমৰমীয়া বেহাৰে ধনকুবেৰত পৰিণত হোৱা মাফিয়া মইনা ভৰালী অৰু পুত্ৰ সমীৰ ভৰালী সন্ত্ৰাস,আতংকৰ অন্য এক নাম হৈ পৰিছে ৷সমন্ধিয় স্বামী – স্ত্ৰী শিক্ষক দম্পতিৰো বৃহত পৰিমাণৰ ধন বিনিয়োগ ঘটা ভৰালী বাহিনীৰ দেশীয় সুৰাৰ বৈধ অনুজ্ঞাপত্ৰৰ নামত প্ৰতিদিনে কেইবালাখ টকাৰ অৱৈধ বিদেশী সুৰাৰ প্ৰচলন ঘটে ৷শিৱসাগৰৰ চম্পক বণ্ডৰ পৰা নিয়মীতে লাখ লাখ টকাৰ সুৰাৰ সৰৱৰাহ হোৱা মইনা ভৰালীৰ অবৈধ বিদেশী সুৰাৰ ঘাটীৰ পৰা বৃহত্তৰ জয়সাগৰ, মেটেকা, বগীদল, জয়সাগৰ ছাৰিআলি, শলগুৰি, মেচাগড়, মাদুৰী, পৰ্য্যন্ত খুচুৰা ব্যৱসায়ীক সুৰা যোগান ধৰা হয় ৷ একাংশ সন্দেহজনক নাগৰিক, চোৰ ডকাইতৰ আড্ডাস্থলীত পৰিণত হোৱা মইনা ভৰালীৰ অৱৈধ সুৰাৰ ঘাটীৰ পৰা ওলাই যোৱা এটা চোৰৰ দলে এটা মাহৰ পুৰ্বে দিহিং থান ৰাজহুৱা নামঘৰৰ দান পাত্ৰ ভাঙি লণ্ড ভণ্ড কৰিছিল ৷ইফালে নিয়মীত আৱকাৰী বিভাগৰ চকুৰ আগেদিয়েই ভৰালীৰ এ এচ ০৬ বি ৪৮০৫ নম্বৰৰ গাড়ী খনে সুৰা পৰিবহণ কৰি অহাৰ পিছতো আবকাৰী বিভাগে আজি পৰ্য্যন্ত উক্ত গাড়ীখন জব্দ কৰিবলৈ সাহস নকৰাৰ ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে মবাইল গেমৰ জৰিয়তে মেচাগড়ৰ এটা পৰিয়ালৰ পৰা প্ৰায় ৪০ টকা সৰকোৱা চাঞ্চল্যকৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড সুৰা মাফিয়াৰ পুত্ৰ সমীৰ ভৰালীয়ে বিগত ১৫ জানুৱাৰীৰ দিনা আমগুৰি অঞ্চলত নিজৰ সুৰী পৰিবহণ কৰা গাড়ীয়ে সংঘটিত কৰা এটা দুৰ্ঘটনাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী জেষ্ঠ সাংবাদিক গুৰুত্বৰ ভাৱে আক্ৰমণ চলাই আহত কৰিছিল ৷বৃহত্তৰ অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য্যৰ অভিকেন্দ্ৰত পৰিণত মইনা ভৰালীৰ অৱৈধ গুদামৰ পৰা লাখ লাখ টকাৰ বিদেশী সুৰাৰ বটল জব্দ কৰাৰ পিছতো কিন্তু জিলা আৱকাৰী বিভাগে জয়সাগৰ আৰক্ষীয়ে সুৰা সহ আটক কৰা দেৱযানী ভৰালীক গ্ৰেপ্তাৰ নকৰা কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নামঘৰৰ সমীপত ৰহস্যজনকভাৱে দেশীয় গ্ৰাম্য সুৰাৰ পাইকাৰী বিপণী খোলাৰ অনুজ্ঞা-পত্ৰ লাভ কৰা মাফিয়া মইনা ভৰালীৰ পত্নীৰ নামত থকা অনুজ্ঞা-পত্ৰ তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বিদেশী সুৰা যোগান ধৰা চম্পক বণ্ডৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিবলৈ জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে ৷ স্মৰ্তব্য যে নামঘৰৰ লগতে জনবসতিপুৰ্ণ এক সম্ভ্ৰান্ত এলেকাত দেশী সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ প্ৰদান নকৰিবলৈ সেই সময়ত বাৰম্বাৰ স্থানীয় ৰাইজে বিভাগক দাবী জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই ভৰালীৰ অনুজ্ঞা-পত্ৰ দেশী সুৰাৰ প্ৰতিষ্ঠানত বিদেশী সুৰাৰ অবৈধ ভঁৰাল আৱিষ্কাৰ হ’ল বুলি ৰাইজে অভিযোগ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like