আৰক্ষী সেৱা-সামাজিক কামৰ স্বীকৃতি, ফেমিনা ফেব লিষ্টত ইন্দ্রাণী বৰুৱা
‘দ্য হোমকামিং এণ্ড আদাৰ ষ্ট’ৰিজ’ নামৰ গল্প সংকলনৰ মাজেৰে আৰক্ষী বিষয়াগৰাকীয়ে গল্প কোৱাৰ প্রতি থকা ধাউতি আৰু সক্ষমতাকো প্রকাশ কৰে আলোচনীখনে৷ ফেমিনা কর্তৃপক্ষই আৰক্ষী বিষয়াগৰাকীয়েthebeautifulmind.org নামৰ ই–আলোচনীখনৰ সম্পাদিকা হিচাপে কাম কৰাৰ কথাও উল্লেখ কৰে৷
ফেমিনা ইণ্ডিয়া গ্রুপৰ দ্বাৰা প্রকাশিত প্রখ্যাত ফেমিনা আলোচনীৰ শেহতীয়া সংখ্যাত বিশেষভাৱে চর্চা হৈছে অসমৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী উপ–মহাপৰিদর্শক ইন্দ্রাণী বৰুৱা৷ ২০২৫ বর্ষৰ বাবে ফেমিনা গ্রুপে ফেমিনা ফেব তালিকাত অন্তর্ভুক্ত কৰাৰ সুবাদতে আৰক্ষী বিষয়াগৰাকীৰ বিষয়ে ফেমিনা আলোচনীত বিস্তৃত ৰূপত চর্চা হয়৷
অসমৰ সাহিত্য–সংস্কৃতি জগতখনলৈ আগবঢ়োৱা অতুলনীয় অৱদান তথা ৰাজ্যৰ আৰক্ষী বিভাগত দিয়া অনবদ্য সেৱাক স্বীকৃতি দি ফেমিনা আলোচনীৰ কর্তৃপক্ষই আৰক্ষী উপ–মহাপৰিদর্শকগ্ বিষয়ে সবিস্তাৰে চর্চা কৰে৷
আলোচনীখনে আৰক্ষী উপ–মহাপৰিদর্শকগ্ কৃতিত্ব, অধ্যয়নমুখী জীৱন তথা সমাজ–সাহিত্যৰ প্রতি থকা উল্লেখনীয় অৱদানক প্রশংসাৰে উল্লেখ কৰে৷ আলোচনীখনত ইন্দ্রাণী বৰুৱাই অসম আৰক্ষীলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতিৰ বাবে ২০২৫ চনৰ গণৰাজ্য দিৱসত ৰাষ্ট্রপতিৰ পদক লাভ কৰাৰ বিষয়টো আলোচনা কৰে৷
তদুপৰি চলিত বর্ষত আৰক্ষী বিষয়াগৰাকীয়ে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক লাভ কৰাৰ বিষয়টোও উনুকিওৱা হয়৷ ইফালে চলিত বর্ষৰ ছেপ্ঢেম্বৰ মাহত সংঘটিত অসমৰ দুটাকৈ হাইপ্রফাইল হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্রত ইন্দ্রাণী বৰুৱাই লোৱা ভূমিকাকো প্রশংসা কৰে আলোচনীখনে৷
উল্লেখ্য যে আৰক্ষী উপ–মহাপৰিদর্শকগ্ প্রথমগৰাকী মহিলা আৰক্ষী বিষয়া হিচাপে অসম আৰক্ষীৰ চেণ্ড্রেল ৱেষ্টার্ন ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছিল৷ তিনিটা দশকৰো অধিককাল অসম আৰক্ষীৰ বিশেষ শাখা, সীমান্ত শাখা, আৰক্ষীৰ অনুসন্ধান শাখা, মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষকে ধৰি বহুকেইটা বিভাগত কর্ম–সংস্কৃতি, দায়িত্ববোধৰ নিদর্শন দাঙি ধৰি আহিছে৷
আলোচনীখনত আইপিএছ ইন্দ্রাণী বৰুৱাৰ ব্যক্তিত্ব আৰু কর্মৰাজিৰ বিষয়ে আলোচনা কৰি কোৱা হয় যে আৰক্ষী বিষয়াগৰাকীয়ে শিশুৰ অধিকাৰ, মহিলা সবলীকৰণ আৰু অন্যান্য সামাজিক কামত দেখুওৱা সজাগতামূলক পদক্ষেপ গ্রহণ কৰি আহিছে৷
তদুপৰি আলোচনীখনে আৰক্ষী বিষয়াগৰাকীক বহুমুখী প্রতিভাৰে সংপৃক্ত বুলি আখ্যা দিয়ে৷ ‘দ্য হোমকামিং এণ্ড আদাৰ ষ্ট’ৰিজ’ নামৰ গল্প সংকলনৰ মাজেৰে আৰক্ষী বিষয়াগৰাকীয়ে গল্প কোৱাৰ প্রতি থকা ধাউতি আৰু সক্ষমতাকো প্রকাশ কৰে আলোচনীখনে৷ ফেমিনা কর্তৃপক্ষই আৰক্ষী বিষয়াগৰাকীয়েthebeautifulmind.org নামৰ ই–আলোচনীখনৰ সম্পাদিকা হিচাপে কাম কৰাৰ কথাও উল্লেখ কৰে৷
আৰক্ষী বিষয়াগৰাকীয়ে কৰি অহা সেৱাৰ জৰিয়তে সকলোৰে বাবে এখন নিৰাপদ, অধিক ন্যায়সংগত সমাজ গঢ়ি তোলাৰ লগতে এই কার্যৰে প্রতিগৰাকী মহিলাক অনুপ্রাণিত কৰি আহিছে বুলিও মন্তব্য কৰে আলোচনীখনৰ স্তম্ভলেখকগৰাকীয়ে৷ স্মর্তব্য যে আৰক্ষী বিষয়া ইন্দ্রাণী বৰুৱা আৰক্ষী উপ–মহাপৰিদর্শক তথা গুৱাহাটী মহানগৰ জিলাৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ পত্নী৷ তিনিচুকীয়া জিলাৰ ডিগবৈত জন্মগ্রহণ কৰা ইন্দ্রাণী বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷
বর্তমানে অসম আৰক্ষীৰ চিডব্লিউআৰৰ উপ–মহাপৰিদর্শক হিচাপে কার্যনির্বাহ কৰি থকা ইন্দ্রাণী বৰুৱা ফেমিনা ফেব লিষ্ট–২০২৫ত অন্তর্ভুক্ত হোৱাটোৱে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উক্ত তালিকাত ইন্দ্রাণী বৰুৱাৰ উপৰি দবা গ্রেণ্ড মাষ্টাৰ দিব্যা দেশমুখ, অভিনেত্রী ৰস্মিকা মান্দানা, সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী, অৰুণাচলৰ আৰক্ষী বিষয়া টেনজিন য়াংকি আদিকে ধৰি বহু প্রতিভাৱান আৰু উদ্যোগী মহিলা বিষয়া–কর্মচাৰী, খেলুৱৈ, অভিনেত্রী, আৰক্ষী বিষয়া, সেনা বিষয়া আদিৰ নাম অন্তর্ভুক্ত হৈছে৷
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ