জনগণনাক লৈ মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, অনুমোদন ১১,৭১৮ কোটি টকা
প্ৰথমবাৰৰ বাবে ডিজিটেল জনগণনা হ'ব, য'ত মোবাইল এপ্লিকেচনৰে ডাটা সংগ্ৰহ কৰা হ'ব। এই এপ্লিকেচন হিন্দী, ইংৰাজী আৰু প্ৰাদেশিক বহু ভাষাত উপলব্ধ হ'ব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্রীসভাই শুকুৰবাৰে তিনিটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “২০২৭ চনৰ জনগণনাক লৈ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেট অনুমোদিত হৈছে। দ্বিতীয়টো কয়লা অৰ্থাৎ শক্তি খণ্ডত ডাঙৰ সংস্কাৰ আনা হৈছে। তৃতীয়টো কৃষকৰ সৈতে জড়িত সিদ্ধান্ত।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “২০২৭ চনৰ জনগণনা হ’ব প্ৰথম ডিজিটেল জনগণনা। তথ্য সুৰক্ষাক গুৰুত্ব দিয়ে ডিজাইন কৰা হৈছে ডিজিটেল জনগণনা। ই দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ—গৃহ তালিকাকৰণ আৰু গৃহ জনগণনা। দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ফেব্ৰুৱাৰীত—জনসংখ্যা গণনা।” তেওঁ আৰু জনায়, “প্ৰথমবাৰৰ বাবে ডিজিটেল জনগণনা হ’ব, য’ত মোবাইল এপ্লিকেচনৰে ডাটা সংগ্ৰহ কৰা হ’ব। এই এপ্লিকেচন হিন্দী, ইংৰাজী আৰু প্ৰাদেশিক বহু ভাষাত উপলব্ধ হ’ব।”
শক্তিক্ষেত্ৰত লোৱা ডাঙৰ সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰীয় মন্ত্রী বৈষ্ণৱে কয়, “ক’ল সেতু—ভাৰত এতিয়া কয়লাৰ উৎপাদনত আত্মনিৰ্ভৰ হ’বলগীয়া হৈছে, যাৰ ফলত আমদানি নিৰ্ভৰতা অন্ত হ’ব। ইয়াৰ দ্বাৰা ৬০ হাজাৰ কোটি টকা পোৱা যাব। ২০২৪-২৫ চনত ১ বিলিয়ন টন কয়লা উৎপাদন সফলতাৰে সম্পন্ন হৈছে।”
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ