নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পম্পী জড়িত আছিল দেহ ব্যৱসায়ত, ড্রাগছ অভাৰড’জ কাণ্ডৰ নতুন মোৰ

নিশা হৈ পৰিলেই মাতাল হয় নেকি মহানগৰী গুৱাহাটী? কালি নিষিদ্ধ ড্রাগ্ছৰ অভাৰড’জ হৈ নগাঁৱৰ পম্পী বৰুৱাৰ মৃত্যু হোৱাৰ পাছতেই স্বাভাৱিকতেই এই প্রশ্ণৰ উদয় হৈছে৷ ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল পম্পী বৰুৱাৰ৷ চিকিৎসকৰ মতে অত্যধিক ড্রাগ্ছ সেৱনেই এই মৃত্যুৰ মূল কাৰণ৷

যুৱতীগৰাকীক অসুস্থ অৱস্থাত হাস্পতাললৈ অনা ইমৰান আলী ওৰফে মোক্তাৰ আলীক পল্টন বজাৰ আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বহু ৰহস্যজনক তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীৰ জেৰাত ধৃত ইমৰান আলীয়ে স্বীকাৰ কৰিছে বহু কথা৷ ৩১ আগষ্টৰ দিনা অর্থাৎ কালি পুৱা প্রায় ৮.৩০ বজাতে হেঙেৰাবাৰীৰ নৱোদয় পথত থকা ‘সৃষ্টি ৱেলনেছ চেণ্টাৰ’ নামৰ নিচামুক্তি কেন্দ্রটোৰ পৰা নগাঁৱৰ মাতৃৰ ওচৰলৈ যাম বুলি ওলাই গৈছিল পম্পী বৰুৱা৷ স্বামী আশুতোষ চেতিয়াৰ সৈতে ৩০ আগষ্টৰ নিশাটো একেলগে কেন্দ্রটোৰ ভাৰাঘৰত আছিল পম্পী বৰুৱা৷

স্বামী আশুতোষ চেতিয়াই সদৰী কৰা মতে ৫০০ টকা লৈ তেওঁ নগাঁৱলৈ যাম বুলি ওলাই গৈছিল৷ দিনৰ প্রায় ২ বজাতহে তেওঁৰ মৃত্যুৰ খবৰ স্বামীয়ে লাভ কৰিছিল৷ ক’ত কিদৰে ঘটনাটো সংঘটিত হ’ল এই বিষয়ে ভালদৰে অৱগত নহয় বুলিও তেওঁ লগতে কয়৷

উল্লেখ্য যে পম্পী বৰুৱাৰ ৰহস্যজনক মৃত্যুৰ পাছতে সৃষ্টি ৱেলনেছ চেণ্টাৰৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন হৈছে৷ কিন্তু কেন্দ্রটোৰ মালিক বর্ণালী বৈশ্যই সকলো অভিযোগ নস্যাৎ কৰি কয় যে ২০২০ চনৰ পৰা প্রায় ৪ বছৰ ধৰি ড্রাগ্ছ আসক্ত হৈ পৰা পম্পী বৰুৱা আৰু তেওঁৰ স্বামী আশুতোষ চেতিয়া দুয়োজনেই কেন্দ্রটোত চিকিৎসাধীন হৈ আছিল৷

পৰৱর্তী সময়ত দুয়ো সুস্থ হৈ পৰাৰ পাছতে কেন্দ্রটোত কর্মৰত হৈ আছিল৷ জানিব পৰা মতে, গোলাঘাট পলিটেকনিকৰ পৰা উত্তীর্ণ হোৱা পম্পী বৰুৱাই ২০১১ চনতে আশুতোষ চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু ক’ভিডৰ দুর্যোগকালীন সময়ছোৱাত নিষিদ্ধ ড্রাগ্ছৰ কবলত পৰিছিল দুয়ো স্বামী–স্ত্রী৷ ইয়াৰ বাবে মৃত পম্পী বৰুৱাৰ পৰিয়ালে সংগদোষকেই জগৰীয়া কৰিছে৷

বিগত এবছৰ ধৰি উলুবাৰীত অকলশৰীয়াকৈ ভাৰাঘৰ লৈছিল পম্পী বৰুৱাই৷ ড্রাগ্ছ সেৱনৰ বদ অভ্যাসৰ লগতে নিষিদ্ধ দেহ ব্যৱসায়ৰ সৈতেও পম্পী বৰুৱা জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ পম্পী বৰুৱাৰ তথ্যসম্বলিত এটা হোৱাটছএপ বার্তা ম’বাইলে ম’বাইলে ভাইৰেল হৈ পৰিছে৷ নৈশ যাপনৰ বাবদ গ্রাহকৰ পৰা ৭ হাজাৰ টকা দাবী কৰিছিল পম্পী বৰুৱাই৷ মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই এনেবোৰ কথাৰ যুক্তিযুক্ততা নাই যদিও অপ্রিয় হ’লেও এয়াই সত্য৷

পল্টন বজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৰেপিড’চালক ইমৰান ওৰফে মোক্তাৰ আলীৰ ম’বাইল ফোন পৰীক্ষা কৰাৰ পাছতে এই ৰহস্য পোহৰলৈ আহিছে৷ মহানগৰীৰ একাংশ হোটেলত যুৱতীৰ লগতে ড্রাগ্ছো যোগান ধৰিছিল ইমৰান আলীয়ে৷

আৰক্ষীয়ে ধৃত ইমৰান আলীৰ ম’বাইলত পল্টন বজাৰ ২নং ৰে’লগেটৰ একাংশ ড্রাগ্ছ পেডলাৰৰ নাম আৰু কিছুমান সন্দেহজনক নম্বৰ উদ্ধাৰ কৰিছে৷ বিগত এবছৰ ধৰি পম্পী বৰুৱাৰ সৈতে চিনাকি থকা ইমৰান আলীয়ে প্রায়েই বিভিন্ন হোটেললৈ অনা–নিয়া কৰিছিল৷ পম্পী বৰুৱাক হেঙেৰাবাৰীৰ ৰিহেব চেণ্টাৰৰ পৰা ইমৰান আলীয়ে ইছলামপুৰলৈ নিছিল৷ ইছলামপুৰৰ গৃহ নং ২৪ৰ এটা ভাৰাঘৰত কোনো যুৱকৰ সৈতে পম্পী বৰুৱাই কৰিছিল ড্রাগ্ছৰ পার্টী৷

অৱশ্যে কোন যুৱকৰ সৈতে পম্পী বৰুৱাই ড্রাগ্ছ লৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ ধৃত ইমৰান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ সন্ধান অব্যাহত ৰাখিছে৷ লক্ষণীয় যে কৰুণভাৱে মৃত্যুক সাবটিবলগীয়া হোৱাৰ পাছতো পম্পী বৰুৱাৰ পৰিয়ালে কোনো এজাহাৰ দাখিল কৰা নাই৷ কিন্তু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত চলাব বুলি জানিব পৰা গৈছে৷

Niyomiya Barta desk, 2 September

You might also like