নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ এখন কয়দীবিহীন কাৰাগাৰ…

নিয়মীয়া বাৰ্তা, জোনাই, ১০  মে’ : জোনাইত বিগত প্ৰায় তিনি দশক ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে এখন কয়দীবিহীন কাৰাগাৰ।  ১৯৯০ চনত স্থাপন কৰা এই কাৰাগাৰখন আজিলৈকে  কাৰ্যক্ষম হৈ নুঠিল। দীঘলীয়া সময় ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত কাৰাগাৰখন বৰ্তমান ৰূপান্তৰিত হৈছে ভূত বাংলালৈ৷

জোনাইৰ ৩নং মুৰ্কংচেলেকত প্ৰায় ৫২ বিঘা বিস্তৃত ভূমিত নিৰ্মাণ কৰা এই কাৰাগাৰখনত কয়দীৰ বাবে পৃথক পৃথকে কোঠা, বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে থাকিব পৰাকৈ আৱাসিক গৃহসহ সকলো সুবিধা নিৰ্মাণ কৰা আছিল যদিও বিগত প্ৰায় ৩৬ বছৰে ব্যৱহাৰ নকৰাত কয়দীগৃহৰ লগতে অন্যান্য ভৱনসমূহো এফালৰ পৰা গৈছে জহি-খহি৷

উল্লেখ্য যে ১৯৯০ চনতেই জোনাইত এখন কাৰাগাৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে নিৰ্মাণ কৰিছিল এই কাৰাগাৰখন৷ পিছলৈ জোনাই মহকুমাৰ পৰা সমজিলালৈ উন্নীত হ’ল যদিও কাৰাগাৰখন আজিপৰ্যন্ত কাৰ্যক্ষম নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনাইৰ একাংশ সচেতন নাগৰিকে।

সেয়ে শীঘ্ৰে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপেৰে এই কাৰাগাৰখন পুনৰ মেৰামতি কৰি সজীৱ কৰি তুলিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

You might also like