ডিজিটেল ডেস্ক, ১০ মে’ : তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপতগ্ৰহণ কৰাৰ লগে লগে কাম আৰম্ভ কৰিলে বিজয় থালাপতিয়ে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰথম চৰকাৰী নিৰ্দেশনা জাৰি কৰে। মুখ্যমন্ত্ৰী বিজয়ে স্বাক্ষৰ কৰা প্ৰথম নিৰ্দেশনাত তিনিটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হৈছে— বিনামূলীয়া বিদ্যুৎ, মাদক দ্ৰব্যবিৰোধী অভিযান আৰু মহিলা সুৰক্ষা।
দেওবাৰে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণ কৰে টিভিকেৰ প্ৰধান বিজয় থালাপতিয়ে। তেওঁ কয় যে তামিলনাডুত টিভিকে চৰকাৰে ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব। শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী হিচাপে জাৰি কৰা প্ৰথম নিৰ্দেশনাত নতুন চৰকাৰৰ পৰিকল্পনা স্পষ্ট কৰি দিয়ে।
বিজয়ে ঘোষণা কৰে যে ২০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা হ’ব। লগতে মাদক দ্ৰব্যজনিত সমস্যাৰ মোকাবিলাৰ বাবে এক বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিয়ে। মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ বাহিনী আৰু এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰাৰো নিৰ্দেশ দিয়া হৈছে।
শপত গ্ৰহণৰ পিছতে নিজৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়েও আভাস দিয়ে বিজয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে জনায় যে শিক্ষা, স্বাস্থ্য আৰু খোৱাপানীৰ দৰে ক্ষেত্ৰত তেওঁৰ চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিব। কৃষক আৰু মৎস্যজীৱীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতিও দিয়ে তেওঁ।
তামিলনাডুবাসীক উদ্দেশ্যি বিজয়ে কয়- “মই কোনো ৰাজপৰিয়ালৰ পৰা অহা নহয়। দৰিদ্ৰতা আৰু ভোকৰ যন্ত্ৰণা মই ভালদৰে বুজোঁ। জীৱনত বহু প্ৰতিকূলতাৰ সন্মুখীন হ’ব লগা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত অপমান-লাঞ্ছনাৰ সন্মুখীন হৈছোঁ।”
ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিন নেতৃত্বাধীন তদানীন্তন ডিএমকে চৰকাৰকো তীব্ৰ সমালোচনা কৰে বিজয়ে। তেওঁৰ অভিযোগ- তদানীন্তন ডিএমকে চৰকাৰে তামিলনাডুৰ কোষাগাৰ শূন্য কৰি পেলাইছে। নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত ৰাজ্যখনৰ ওপৰত ১০ লাখ কোটি টকাৰ ঋণৰ বোজা আছে বুলিও তেওঁ দাবী কৰে।
বিজয়ে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ এটা পইচাও অপচয় হ’বলৈ নিদিয়ে আৰু চৰকাৰী সম্পত্তি লুণ্ঠনৰ সুযোগ কাকো দিয়া নহ’ব।