নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল, ক’ৰোনাৰ বাবে এই সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিবলগীয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱদ্ৰাই আহিব নোৱাৰে অসমলৈ। আজি এটা টুইটাৰ ভিডিঅ’যোগে নেত্ৰীগৰাকীয়ে ক’ৰোনাত আক্ৰান্তৰ সন্দেহত চিকিৎসকৰ পৰামৰ্শৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

টুইটযোগে নেত্ৰীগৰাকীয়ে কয়- ক’ৰোনা সংক্ৰমণৰ বাবে মই শেহতীয়াকৈ মোৰ অসম ভ্ৰমণ বাতিল কৰিব লাগিব। কালি মোৰ পৰীক্ষাৰ ফলাফল নেতিবাচক আছিল, কিন্তু চিকিৎসকৰ পৰামৰ্শ মতে, মই পৰৱৰ্তী কেইদিনমানৰ বাবে ঘৰতে আইছোলেট হৈ থাকিব লাগিব। এই অসুবিধাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। মই কংগ্ৰেছৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।’

উল্লেখ্য, প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ৱদ্ৰা ক’ৰোনাত আক্ৰান্ত হোৱাত চিকিৎসকে প্ৰিয়ংকা গান্ধী ৱদ্ৰাকো ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে।

 আজি নামনি অসমৰ তিনিটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে পূব গোৱালপাৰা, গোলকগঞ্জ আৰু সৰুক্ষেত্ৰীত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল কংগ্ৰেছ নেত্ৰীগৰাকী। কিন্তু ক’ৰোনাৰ বাবে ডাক্তৰৰ পৰামৰ্শ অনুযায়ী অসমৰ লগতে পৰৱৰ্তী তামিলনাডু, কেৰালা ভ্ৰমণ বাতিল কৰে নেত্ৰীগৰাকীয়ে।

You might also like