নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানত ৰে’ল দুৰ্ঘটনা, নিহত ৪০ৰো অধিক

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ আজি পুৱা প্ৰায় ৯ বজাত পূব টাইৱানৰ টাইপাই অঞ্চলৰ এক সুৰংগত সংঘটিত হয় ৰে’ল দুৰ্ঘটনা।

সুৰংগৰ ৰে’ল লাইনত ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত ৰে’ল লাইনৰ পৰা বিচ্যুত হৈ সুৰংগৰ ৱালত খুন্দা মাৰে ৰে’লখনে। এই দুৰ্ঘটনাত প্ৰায় ৪০ গৰাকী নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ৭০ গৰাকী যাত্ৰী।

দুৰ্ঘটনাগ্ৰস্ত প্ৰায়সংখ্যক যাত্ৰীয়ে পৰ্যটক বুলি ধাৰণা কৰা হৈছে। ৮টা দবাৰ ৰে’লখনৰ ৪টা দবা দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য, টাইৱানত হোৱা ৰে’ল দুৰ্ঘটনাৰ ভিতৰত এই দুৰ্ঘটনাক অতি ভয়াৱহ বুলি আখ্যা দিছে দেশখনে। ইতিমধ্যে উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

You might also like