নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ৰাম মন্দিৰ নির্মাণৰ অগ্রগতি

🔹 ৪ ব’হাগত ৰামৰটুক পথাৰত ৰাম নৱমীৰ আয়োজন
বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : অসমৰ প্রস্তাৱিত ৰাম মন্দিৰ নির্মাণৰ কামে অগ্রগতি লাভ কৰিছে। হাজো–শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ মধ্যস্থল উত্তৰ–পাকোৰকোণা, চেঁচামুখ ৰামৰটুক পথাৰত নির্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ ভূমি উন্নীতকৰণৰ কাম চলি আছে। চেঁচামুখৰ পৰা গৰখীয়া থান আৰু পাকোৰকোণাৰ পৰা গৰখীয়া থানলৈ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ পৰা পথ দুটা নির্মাণৰ বাবে ইতিমধ্যে মঞ্জুৰ কৰিছে আৰু শীঘ্রে পথ দুটাৰ কামৰ শুভাৰম্ভ কৰা হ’ব। তদুপৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ইতিমধ্যে বিজুলী সংযোগৰ কাম আৰম্ভ কৰিছে। সেয়েহে ৰাইজৰ উৎসাহ-উদ্দীপনাৰ প্রতি লক্ষ্য ৰাখি অহা ৪ ব’হাগত ৰামৰটুক পথাৰত প্রস্তাৱিত ৰাম মন্দিৰ নির্মাণস্থলীত মহাপ্রভু শ্রীৰামচন্দ্রৰ জন্মদিনটোত দ্বিতীয় বার্ষিক ৰাম নৱমী উৎসৱ উদযাপনৰ আয়োজন কৰিছে। ৰাম মন্দিৰ নির্মাণ সমিতিৰ উদ্যোগত আয়োজন কৰা কার্য্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত ধর্মধ্বজা উত্তোলন। ধর্মধ্বজা উত্তোলন কৰিব ৰাম মন্দিৰ নির্মাণ সমিতিৰ সভাপতি, ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া ৰমণী মালাকাৰে।  পুৱা ৯.৩০ বজাত ভূমিদাতা বিডটী মালাকাৰ দাসকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন। পুৱা ১০ বজাত ৰাম নৱমীৰ পূজা-অর্চনা আৰম্ভ। দিনৰ  ১০ বাজি ৩০ মিনিটৰ পৰা আমন্ত্রিত নামতী দলৰ নাম-প্রসংগ আৰু মাংগলিক কার্য্যসূচী। দিনৰ ১২ বজাত প্রসাদ বিতৰণ আৰু দুপৰীয়া ২ বজাত মহাভোগ বিতৰণৰ সু–ব্যৱস্থা কৰা হৈছে। সেয়েহে এই সমূহ কার্য্যসূচীতে অংশগ্রহণ কৰি ইয়াক সাফল্যমণ্ডিত কৰিবলৈ ৰাইজৰ সহায়–সহযোগিতা নির্মাণ কমিটীয়ে কামনা কৰিছে।
You might also like