নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন প্রত্যক্ষ যুদ্ধৰ সম্ভাৱনাক লৈ উদ্বিগ্ন বিশ্ব

🔹 ইজৰাইলৰ ওপৰত আক্রমণ ইৰানৰ

বিশেষ বাৰ্তা, ১৫ এপ্রিল : আন এখন প্রত্যক্ষ যুদ্ধৰ সম্ভাৱনাক লৈ উদ্বিগ্ন বিশ্ব৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ চলি থকাৰ মাজতে হামাছ আৰু ইজৰাইলৰ যুদ্ধই বিশ্ববাসীক আতংকিত কৰি ৰখাৰ মাজতে এইবাৰ ইজৰাইলৰ ওপৰত আক্রমণ ইৰানৰ৷ ছিৰিয়াৰ ডামাস্কাছত ইজৰাইলী সেনাই ইৰানৰ ৰাষ্ট্রদূতৰ চৌহদত আক্রমণ চলোৱাৰ পাছতে প্রতিশোধৰ ইৰানে হুংকাৰ দিয়াৰ পাছত অৱশেষত ইহুদী ৰাষ্ট্রখনৰ ওপৰত আক্রমণ চলায়৷ ৩০০তকৈ অধিক ড্রোন ক্ষেপণাস্ত্রৰে ইৰানে ইজৰাইলৰ ওপৰত আক্রমণ চলাইছে যদিও ইৰানৰ এই আক্রমণ আকাশমার্গতে প্রতিহত কৰিছে৷ ইৰানৰ আক্রমণত ইজৰাইলৰ ভূমিত বিশেষ ক্ষয়-ক্ষতি হোৱা নাই৷ তথ্য মতে, এগৰাকী আৰবৰ কিশোৰী ইৰানৰ আক্রমণত আহত হৈছে৷ ইপিনে, ইৰানৰ এই আক্রমণৰ প্রতিশোধ ল’বলৈ ইজৰাইল সাজু হৈছে যদিও এতিয়ালৈকে কোনো প্রত্যুত্তৰ দিয়া নাই৷ সঠিক সময়ত ইৰানৰ ওপৰত আক্রমণ কৰিব বুলি ইজৰাইলে হুংকাৰ দিছে৷ লক্ষণীয় যে ইহুদী ৰাষ্ট্র ইজৰাইলৰ বন্ধু হিচাপে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্রই ইৰানৰ ওপৰত তৎকালীনভাৱে আক্রমণ নকৰিবলৈ ইজৰাইলক পৰামর্শ দিছে৷ ইৰানৰ ওপৰত ইজৰাইলে আক্রমণ যদি সংঘটিত কৰে তেতিয়াহ’লে আমেৰিকাই ইজৰাইলক কোনোধৰণৰ সহযোগিতা আগ নবঢ়ায় বুলিও মার্কিন প্রশাসনে স্পষ্ট কৰি দিছে৷ ইৰান আৰু ইজৰাইলৰ প্রত্যক্ষ যুদ্ধ সংঘটিত হ’লে পশ্চিম এছিয়াৰ দেশসমূহৰ মাজত প্রত্যক্ষ–পৰোক্ষভাৱে যুদ্ধ সংঘটিত হোৱাটো নিশ্চিত৷ এনে কাৰণতে ইৰানৰ ওপৰত আক্রমণৰ ক্ষেত্রত ইজৰাইলক সংযমী হ’বলৈ বন্ধু দেশসমূহে পৰামর্শ আগবঢ়াইছে৷ মার্কিন ৰাষ্ট্রপয়ি জ’ বাইডেনৰ সূত্রই প্রকাশ কৰা মতে, ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে যদি ইৰানক আক্রমণ কৰে তেতিয়াহ’লে ইজৰাইলক সামৰিক সাহায্য প্রদান নকৰে মার্কিন প্রশাসনে৷ অৱশ্যে ইৰানৰ ড্রোন আৰু মিছাইল প্রতিহত কৰাৰ ক্ষেত্রত ইজৰাইলক মার্কিন সেনা বাহিনীয়ে সহযোগ কৰা বুলি ইজৰাইলে আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ ইৰানে ইজৰাইলৰ ওপৰত আক্রমণ চলোৱাৰ পাছতে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰে টেলিফোনযোগে দুয়ো দেশৰ বৈদেশিক মন্ত্রীৰ সৈতে বার্তালাপ কৰিছে৷ দুয়োখন দেশৰ মাজত যুদ্ধই ভাৰতৰ নাগৰিকৰ মাজতো উত্তেজনাৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখিয়েই ইতিমধ্যে দুয়ো দেশত থকা ভাৰতীয় নাগৰিকসকলক নতুন দিল্লীয়ে পৰামর্শমূলক জাননী আগবঢ়াইছে৷ মন কৰিবলগীয়া যে ইৰানে ইজৰাইলৰ সৈতে জড়িত এখন জাহাজ জব্দ কৰি ৰাখিছে৷ এই জাহাজখনত ১৭জন ভাৰতীয় কর্মচাৰী আছে৷ ভাৰতীয় কর্মচাৰীসকলক সাক্ষাৎ কৰাৰ বাবে ইৰানৰ বৈদেশিক মন্ত্রী হোছেইন আমিৰাবদোল্লাহিয়ানে অনুমতি প্রদান কৰিছে৷ ভাৰতৰ বৈদেশিক মন্ত্রী জয়শংকৰৰ সৈতে টেলিফোনিক বার্তালাপৰ পাছতে ইৰানৰ বৈদেশিক মন্ত্রীগৰাকীয়ে এই অনুমতি প্রদান কৰা বুলি প্রকাশ পাইছে৷

You might also like