নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰিলে দিল্লীৰ মুখ্যমন্ত্রীৰ

🔹 ২৯ এপ্রিলত গোচৰৰ পৰৱর্তী শুনানি

বিশেষ বাৰ্তা, ১৫ এপ্রিল : উচ্চতম ন্যায়ালয়ত জামিন আবেদন জনায়ো সকাহ নাপালে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ লোকসভা নির্বাচন আৰম্ভ হোৱাৰ পিছতো কাৰাগাৰতেই থাকিব লাগিব কেজৰিৱাল৷ আজি কেজৰিৱালৰ আবেদনৰ শুনানিৰ পিছত জামিন মঞ্জুৰ কৰিবলৈ অস্বীকাৰ কৰে শীর্ষ আদালতখনে৷ ইয়াৰ বিপৰীতে তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)ক সবিশেষ মতামত জনাবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ আগন্তুক ২৯ এপ্রিলতহে এই গোচৰৰ পৰৱর্তী শুনানি হ’ব৷ কিন্তু ১৯ এপ্রিলৰ পৰা আৰম্ভ হ’ব লোকসভা নির্বাচন৷ ২৪ এপ্রিলৰ ভিতৰত ইডিয়ে নিজৰ বক্তব্য দাখিল কৰিব লাগিব উচ্চতম ন্যায়ালয়ত৷ ইফালে, নিম্ন আদালতেও অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২৩ এপ্রিললৈ বৃদ্ধি কৰিছে৷ স্মর্তব্য যে যোৱা ২১ মার্চত ইডিৰ হাতত গ্রেপ্তাৰ হৈছিল কেজৰিৱাল৷ দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিত কেজৰিৱালক গ্রেপ্তাৰ কৰে কেন্দ্রীয় সংস্থাটোৱে৷ বর্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে কেজৰিৱাল৷

You might also like