নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ পৰলোকপ্ৰাপ্তি

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ বিশিষ্ট সাংবাদিক অনিল বৰুৱা আৰু নাই৷ অসমৰ সংবাদ সেৱাৰ ক্ষেত্রলৈ দীৰ্ঘদিন ধৰি প্রভুত অৱদান আগবঢ়োৱা বৰুৱাৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আজি সন্ধিয়া ৬.৫০ বজাত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ হৃদৰোগত আক্রান্ত হোৱাৰ পিছত তেওঁক নেমকেয়াৰ হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ বিশেষজ্ঞ চিকিৎসকৰ অধীনত তেওঁক চিকিৎসা প্রদান কৰা হৈছে যদিও আজি সন্ধিয়া চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটে৷ ইয়াৰ লগে লগে ৰাজ্যৰ সংবাদ সেৱা ক্ষেত্রত আন এক শূন্যতাৰ সৃষ্টি হ’ল৷ তদুপৰি তেওঁ আছিল হাড়ে-হিমজুৱে এজন জাতীয়তাবাদী৷ অসমৰ কৃষ্টি-সংস্কৃতি, সাহিত্য, ৰাজনীতি প্রতিটো ক্ষেত্রৰেই তেওঁ আছিল এগৰাকী অতন্ত্র প্রহৰী৷ যাৰ বাবে জাতীয়তাবাদৰ ক্ষেত্রত কোনো দল-সংগঠনে আপোচ কৰিলে তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ তেওঁ কেতিয়াও পিছুৱাই যোৱা নাছিল৷ সমাজৰ প্রতিটো ক্ষেত্রত সংঘটিত ঘটনাক্রমৰ ওপৰত তেওঁ চোকা নজৰ ৰাখিছিল৷ ইয়াৰোপৰিও ভাৰতীয় কৃষ্টি–সংস্কৃতিৰ ওপৰত তেওঁৰ আছিল অগাধ দখল৷ প্রয়াত সাংবাদিকগৰাকী ভাৰতীয় কৃষ্টি-সংস্কৃতিৰ সৈতে সদায় সংপৃক্ত হৈ আছিল৷ উল্লেখ্য ১৯৩৯ চনৰ ২৬ ডিচেম্বৰত তেওঁ দেৰগাঁৱত জন্মগ্রহণ কৰিছিল৷ পিতৃ আছিল ভূপেন্দ্র নাথ বৰুৱা আৰু মাতৃ আছিল নলিনী বৰুৱা৷ ১৯৬৫ চনৰ ৪ আগষ্টত জন্মলাভ কৰা দৈনিক অসম কাকতত প্রথমৰে পৰাই অনিল বৰুৱাই সেৱা অগবঢ়াইছিল৷ কাকতখনৰ প্রথমজন সম্পাদক কীতিনাথ হাজৰিকাৰ নেতৃত্বত সংবাদ সেৱা আৰম্ভ কৰা বৰুৱাই একেখন কাকতৰে সম্পাদক হিচাপে অৱসৰগ্রহণ কৰে৷ তদুপৰি অসম বাণী, দৈনিক অসমৰ লগতে বহু সংখ্যক সংবাদপত্র আৰু বার্তালোচনীত তেওঁ নিয়মীয়াকৈ লিখি আহিছিল৷ নিয়মীয়া বার্তা কাকতৰো তেওঁ আছিল নিয়মীয়া লেখক৷ ৰাজনীতিৰ আলেখ লেখ শিতানত নিয়মীয়াভাৱে তেওঁ ৰাজ্যৰ ৰাজনৈতিক ঘটনা–পৰিঘটনাৰ বিষয়ে লিখি আহিছিল৷ অসমীয়া ভাষাৰ ক্ষেত্রতো তেওঁ বিস্ময়কৰ দখল আছিল৷ ৰাজ্যৰ সংবাদ সেৱা ক্ষেত্রখনলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে ২০২২ বর্ষত ৰাজ্য চৰকাৰে গণৰাজ্য দিৱসত সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল৷ এইগৰাকী বিশিষ্ট সাংবাদিকৰ দেহাৱসান অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ উল্লেখ্য তিনি কন্যা সন্তানৰ পিতৃ অনিল বৰুৱাৰ অন্তোষ্টিক্রিয়া কাইলৈ সম্পন্ন কৰা হ’ব৷

#বাৰ্তা ডেস্ক

You might also like