নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীৰ দেহাৱসান… সৰ্বত্ৰ শোক
অসম নাট্য সন্মিলনে তেওঁক প্ৰদান কৰিছিল ‘নাগাৰা নামৰ সূৰ্য’ উপাধি, যি আছিল তেওঁৰ শিল্পযাত্ৰাৰ এক গৌৰৱজনক স্বীকৃতি।
অসমৰ লোকসংস্কৃতি নাগাৰা নাম জগতৰ অন্যতম জ্যোতিষ্ক আজি খহি পৰিল। নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে বৃহস্পতিবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে। নিশাৰ আহাৰ গ্ৰহণ কৰি উঠাৰ পাছতেই অসুস্থ হৈ তেওঁ ইহজগত ত্যাগ কৰে বুলি পৰিয়ালসূত্ৰে জনায়।
শিল্পীগৰাকীৰ অকাল বিয়োগৰ খবৰে অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰক স্তব্ধ কৰি তুলিছে। ভৰালীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত পুৱাৰ লগে লগে তেওঁৰ কালাকুছিস্থিত বাসগৃহত ভিৰ কৰে গুণমুগ্ধসকলে। একেদৰে নাগাৰা নামৰ কেইবাগৰাকী শিল্পীয়ে উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰামচৰণ ভৰালীয়ে মৃত্যুৰ কিছুদিন আগলৈও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰি জনগণৰ হৃদয় জিনিছিল। য’তে নাম পৰিৱেশন কৰিছিল, তাতেই জনতাৰ সৈতে আপোন হৈ পৰিছিল শিল্পীগৰাকী।
হাঁহি আৰু আনন্দত জীৱন ভৰাই দিয়া ভৰালীয়ে প্ৰতিটো প্ৰজন্মৰ বাবে আছিল লোকৰসৰ এক অমলিন উৎস। তেওঁ পৰিৱেশন কৰা “ভোকৰা পাঠাৰ বিয়া”, “নাগেশ্বৰৰ বিয়া”, “পদ্মাৰ জন্ম”, “সুনতি ৰেখা” আদি নামসমূহ আজিও লোকহৃদয়ত অমলিন।
ৰামচৰণ ভৰালী আছিল প্ৰথমগৰাকী শিল্পী পেন্সনপ্ৰাপক, যাক বিভিন্ন সাংস্কৃতিক সংস্থাই সন্মানিত কৰিছিল। অসম নাট্য সন্মিলনে তেওঁক প্ৰদান কৰিছিল ‘নাগাৰা নামৰ সূৰ্য’ উপাধি, যি আছিল তেওঁৰ শিল্পযাত্ৰাৰ এক গৌৰৱজনক স্বীকৃতি।
উল্লেখযোগ্য ১৯৩৩ চনত জন্ম লাভ কৰা ৰামচৰণ ভৰালীয়ে ১৯৯১ চনৰ পৰা ২০১০ চনলৈ নাগাৰা নামৰ ৮৫খন অডিঅ’ কেছেট উলিয়াইছিল আৰু ৩০খন ভিডিঅ’ কেছেট প্ৰকাশ কৰিছিল। লগতে নাগাৰা নাম সম্পৰ্কীয় ৬খন গ্ৰন্থ প্ৰকাশ কৰিছিল।
১৯৬৭ চনত এটা নাম পাৰ্টি খুলি তেতিয়াৰে পৰা তেওঁ নাম পৰিবেশন কৰি আহিছে। প্ৰথমতে তেওঁ বলোৱা প্ৰগতি সংঘৰ যাত্ৰা দলত কিছুদিন নৃত্য কৰিছিল যদিও পিছলৈ এজন আগশাৰীৰ পাঠক হিচাপে পৰিচিত হৈ পৰিছিল।
১৯৮৫ চনত তেওঁ প্ৰথম নাগাৰা নামৰ কেছেট উলিয়াই ৰাইজৰ মাজত বেছ জনপ্ৰিয় হৈ পৰিছিল।অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ভৰালীয়ে ২০১৭ চনত মোহন ভাইৰা শিল্পী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এশতকৈ অধিক নাগাৰা নামৰ দলক নাম শিকাইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ তিনি জন পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে। শিল্পী গৰাকীৰ আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
লোকসংস্কৃতিৰ এই অপূৰণীয় ক্ষতিত সমগ্ৰ অসম আজি শোকাহত। শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি ৰাজ্যজুৰি শ্ৰদ্ধা জনাইছে।
ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ