নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰে আজি দ্বিতীয় টি–২০: প্রত্যাৱর্তন ঘটিব বুমৰাহৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ তিনিখনীয়া টি–২০ শৃংখলাৰ দ্বিতীয়খন মেচ আজি নাগপুৰত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোৰ প্রথমখন মেচত পৰাস্ত হৈ শৃংখলা হেৰুওৱাৰ শংকাত পৰা টীম ইণ্ডিয়াই আজিৰ মেচখনত জয়লাভ কৰি শৃংখলাটোত সমতা স্থাপনৰ লক্ষ্য লৈছে৷ অৱশ্যে দুর্বল বলিং আৰু ফিল্ডিঙে ঘৰুৱা দলটোক চিন্তাত ৰাখিছে৷ প্রথমখন টি–২০ত বৃহৎ স্ক’ৰ সংগ্রহ কৰিও দুর্বল বলিং আৰু ফিল্ডিঙৰ বাবে পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ঘৰুৱা দলটোৱে৷ আজিৰ গুৰুত্বপূর্ণ মেচখনত টীম ইণ্ডিয়াই বলিং বিভাগত কিছু সালসলনি ঘটোৱাৰ ইংগিত দিছে৷

আঘাতৰ বাবে এছিয়া কাপৰ পৰা বাহিৰত থকা তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহৰ আজিৰ মেচত প্রত্যাৱর্তন ঘটিব বুলি ইংগিত দি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে বিগত কিছুদিনৰ পৰা বলাৰসকলে উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে৷ বলাৰসকলৰ দুর্বল প্রদর্শনৰ বাবেই আমি কেইবাখনো মেচত পৰাজয়বৰণ কৰিবলগীয়া হয়৷ আশা ৰাখিছোঁ কাইলৈৰ মেচখনত আগশাৰীৰ বলাৰসকলে নিজৰ ছন্দ বজাই ৰাখিব পাৰিব৷ ভুবনেশ্বৰ কুমাৰৰ দুর্বল বলিং বিশেষ চিন্তা কৰিবলগীয়া কাৰণ বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে কাইলৈৰ বিজয় অপৰিহার্য মেচখনৰ মূল একাদশত বুমৰাহে খেলাতো খাটাং৷ অৱশ্যে কোন বলাৰক বাদ দি বুমৰাহক খেলপথাৰত নমাব, সেই সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই অধিনায়ক ৰোহিত শর্মাই৷ আজিৰ মেচখনত বেটাৰসকলৰ পৰাও উন্নত প্রদর্শনৰ আশা ব্যক্ত কৰিছে ৰোহিত শর্মাই৷ ইপিনে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি অষ্ট্রেলিয়াই শৃংখলা দখলৰ লক্ষ্য লৈছে বুলি মন্তব্য কৰে দলটোৰ অধিনায়ক আৰন ফিনছে৷ খেলৰ সময়: সন্ধিয়া ৭ বজা৷

You might also like