নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SCERT কেলেংকাৰীত জড়িত পূজামণি দাসৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান 

নিয়মীয়া বাৰ্তা, ২ জুনঃ অসম ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান , চমুকৈ এছ চি ই আৰ টি ৰ ১০৫ কোটি টকীয়া বিয়াগোম  কেলেংকাৰিৰ বুজন পৰিমাণৰ ধন লৈ মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক কোষৰ হাতত গ্ৰেপ্তাৰ হোৱা ওৱেৱ পৰ্টেলৰ তথাকথিত সংবাদ কৰ্মী পূজামনি দাস ওৰফে হানী কাশ্যপৰ পলাশবাৰী আৰক্ষী থানৰ অন্তৰ্গত  বৰফুলগুৰিৰ ঘৰত আজি বিয়লি অভিযান চলায় মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই। ৰাজ্য কপাই যোৱা চৰকাৰী ধনৰ অবাধ লুণ্ঠন ৰাজৰ এই বৃহৎ কেলেংকাৰী টোৰ মূল অভিযুক্ত  তথা এছ চি ই আৰ টিৰ নিলম্বিত সঞ্চালিকা  শেৱালী দেৱী শৰ্মাৰ পৰা বাতৰি প্ৰকাশৰ ভয় ভাবুকিৰে  বৃহৎ পৰিমাণৰ ধন আদায় কৰাৰ অভিযোগত মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি শাখাই গ্ৰেপ্তাৰ কৰা ওৱেব পোৰ্টেলৰ সাংবাদিক গৰাকীৰ বাসগৃহত  মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযুক্ত পুজামনিক লগত লৈ অভিযান চলায়। পূজামনি ওৰফে হানীৰ বাসগৃহত  মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে প্ৰায় এঘণ্টা সময় অভিযান চলায়। অৱশ্যে অভিযানত উদ্ধাৰ কৰা সামগ্ৰী তথা নথি পত্ৰ সন্দৰ্ভত তদাৰকী কোষে সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ নকৰিলে ।

 

প্ৰায় চাৰি বছৰ পূৰ্বে পৰা সংবাদ সেৱাৰ বৃত্তিত জড়িত হৈ পৰা এই গৰাকী তথাকথিত সংবাদ কৰ্মীয়ে অতি সাধাৰণ পৰিয়ালৰ কন্যা হৈয়ো কম দিনৰ ভিতৰতে বিলাসী জীৱন অতিবাহিত কৰিবলৈ লৈছিল। এই গৰাকী তথা কথিত সংবাদ কৰ্মীয়ে অন্য কোনো আয়ৰ উৎস নথকা স্বত্তেও হঠাতে অবাধ হাৰত ধন সম্পত্তি ক্ৰয় কৰা, বিলাসী বাহন ক্ৰয় কৰি  বিলাসী জীৱন যাপন কৰাক লৈ স্থানীয় ৰাইজৰ মাজত কৌতূহল ৰ সৃষ্টি হৈছিল । শেহতীয়া ভাৱে মুখ্যমন্ত্ৰী ৰ তদাৰকী কোষৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত সাংবাদিক নাম ধাৰি পূজা ওৰফে হনীয়ে ব্লেক মেইলিঙৰ জৰিয়তে ধন ঘটাৰ কথা পোহৰলৈ আহে। আজি পূজাক লগত লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা অভিযানৰ কালচোৱাত স্থানীয় লোকে পূজাই বিভিন্ন ব্লেকমেইলিংত লিপ্ত হোৱাৰ কথা পোহৰলৈ অনাৰ লগতে বিলাসী বাহন আদি ক্ৰয় কৰা বুলিও মন্তব্য কৰে।
You might also like