নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপুল হাৰত বৃদ্ধি পাইছে অসমবাসীৰ ক্রয় ক্ষমতা, ষ্টেট বেংকৰ গৱেষণামূলক প্রতিবেদনত ইতিবাচক তথ্য

বিশেষ বার্তা, ২০ নৱেম্বৰ : চলিত বছৰৰ ছেপ্টেম্বৰ মাহত সামগ্রী আৰু সেৱা কৰ চমুকৈ জি এছ টিৰ হাৰ হ্রাস পোৱাৰ পিছত মানুহৰ ক্রয় ক্ষমতা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ আৰু ইয়াৰ প্রতিফলন ঘটিছে দুচকীয়া বাহন আৰু গাড়ী ক্রয়ৰ ক্ষেত্রত৷ বিশেষকৈ অসমবাসীৰ ক্রয় ক্ষমতা দৃষ্টান্তমূলকভাৱে বৃদ্ধি পাইছে৷ মঙলবাৰে প্রকাশিত ভাৰতীয় ষ্টেট বেংকৰ (এছ বি আই) গৱেষণালব্ধ প্রতিবেদনত এই কথা পোহৰলৈ আহিছে৷

প্রতিবেদন অনুসৰি, যোৱা বছৰ ছেপ্টেম্বৰ–অক্টোবৰ মাহত উৎসৱৰ বতৰত অসমৰ মানুহে যিমান দুচকীয়া বাহন ক্রয় কৰিছিল তাতকৈ ৬৯ শতাংশ বেছি চলিত বছৰৰ অনুৰূপ কালছোৱাত মানুহে ক্রয় কৰিছে৷ আর্থিকভাৱে হিচাপে ৬৮ শতাংশ বেছি মূল্যৰ গাড়ী ক্রয় কৰিছে৷ একেদৰে চাৰিচকীয়া বাহনৰ ক্ষেত্রতো অসমবাসীয়ে কিছু বেছি ক্রয় কৰা পৰিলক্ষিত হৈছে এছ বি আইৰ প্রতিবেদনত৷ যোৱা বছৰৰ উক্ত কালছোৱাৰ তুলনাত ১৩ শতাংশ বেছি চাৰিচকীয়া বাহন ক্রয় কৰিছে অসমৰ মানুহে৷ মূল্যৰ নিৰিখত যি ১২ শতাংশ অধিক৷

আনহাতে, অক্টোবৰ মাহত অসমৰ পৰা ১,৪৪০ কোটি টকা জি এছ টি সংগ্রহ কৰা হৈছে বুলি প্রতিবেদনখনত প্রকাশ কৰা হৈছে৷ নৱেম্বৰ মাহত ৰাজ্যখনৰ পৰা আন ১,৩১৬ কোটি টকাৰ জি এছ টি সংগ্রহ কৰা হ’ব বুলি অনুমান ব্যক্ত কৰা হৈছে৷ উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহত প্রযোজ্য হোৱা জি এছ টিৰ হাৰ হ্রাস পোৱাৰ পিছত সংশ্লিষ্ট মহলত আশংকা ব্যক্ত কৰিছিল যে চৰকাৰৰ ৰাজহ সংগ্রহ বহু পৰিমাণে হ্রাস পাব৷ কিন্তু অক্টোবৰ মাহত প্রকাশিত এছ বি আইৰ গৱেষণামূলক প্রতিবেদনত দেখা পোৱা গৈছে যে জি এছ টিৰ হ্রাস পোৱা হেতু জনসাধাৰণৰ ক্রয় ক্ষমতাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ যাৰ বাবে চৰকাৰৰ জি এছ টি সংগ্রহো বহু পৰিমাণে বৃদ্ধি পোৱাৰ অৱকাশ দেখা দিছে৷

অক্টোবৰ মাহৰ প্রতিবেদনত দেখা পোৱা গৈছিল যে অসমত চলিত বিত্তীয় বর্ষত অর্থাৎ ২০২৫–২৬ বর্ষত জি এছ টি সংগ্রহৰ হাৰ প্রায় দ্বিগুণ বৃদ্ধি পাব৷ কোৱা হৈছে- জি এছ টিৰ অপৰিৱর্তিত হাৰত চলিত বিত্তীয় বর্ষত অসমত জি এছ টি সংগ্রহৰ আনুমানিক পৰিমাণ আছিল ১৩,৬৫৯ কোটি টকা৷ পিছে জি এছ টিৰ হাৰ হ্রাস পোৱাৰ পিছত অসমত জি এছ টি সংগ্রহৰ পৰিমাণ আনুমানিক ২৬,৬১৩ কোটি টকা হ’ব বুলি আশা ব্যক্ত কৰিছে এছ বি আয়ে৷ অর্থাৎ জি এছ টিৰ হাৰ হ্রাস পোৱাৰ বাবে অসমত জি এছ টি সংগ্রহৰ পৰিমাণ ১২,৯৫৩ কোটি টকা বৃদ্ধি পাব৷ বৃদ্ধিৰ হাৰ প্রায় এশ শতাংশ৷ আক্ষৰিক অর্থত বৃদ্ধিৰ হাৰ হ’বগৈ ৯৫ শতাংশ৷

You might also like