গ্রন্থমেলাৰ বতৰ
গ্রন্থমেলা বতৰত গ্রন্থবোৰ লাহে লাহে প্রকাশ পাবলৈ আৰম্ভ কৰিছে৷ লেখক–প্রকাশকে গ্রন্থমেলাসমূহক লক্ষ্য কৰিয়ে গ্রন্থবোৰ প্রকাশ কৰিছে৷ প্রকাশৰ পিছতেই প্রচাৰ আৰু প্রসাৰ বৃদ্ধি পাইছে৷ লাহে লাহে অসমীয়া গ্রন্থৰ বজাৰখনো বাঢ়িছে৷ লেখক–পাঠকৰ সংখ্যাও বাঢ়িছে৷ অসমীয়া ভাষাত লিখা লেখকৰ সংখ্যা বাঢ়িছে৷ নতুন নতুন লেখকৰ আৱির্ভাৱ হৈছে৷ কেৱল লেখকেই নহয়, নতুন নতুন প্রকাশকো সৃষ্টি হৈছে৷ সকলো প্রকাশকে ন ন বিষয়ত গ্রন্থ প্রকাশ কৰিছে৷ পঢ়ুৱৈয়ে কোনবোৰ বিষয়ত পঢ়িবলৈ বিচাৰে, সেই দিশটো চাইহে প্রকাশকে কিতাপবোৰ প্রকাশ কৰে৷ সেই অনুযায়ী লেখকেও লিখিবলৈ প্রয়াস কৰে৷ লেখকৰ লেখা আৰু প্রকাশন গোষ্ঠীয়ে সুন্দৰ ৰূপত প্রকাশ কৰা কিতাপবোৰ গ্রন্থমেলাত বিশেষ ৰেহাই দি বিক্রী কৰে, পঢ়ুৱৈয়ে সেই গ্রন্থবোৰ ক্রয় কৰে৷ এইখিনিতে প্রকাশক আৰু লেখকসকলে মন কৰিবলগীয়া কথা হ’ল– গ্রন্থবোৰ কেৱল পণ্য সামগ্রী নহয়৷ যদিও পণ্য সামগ্রীৰ দৰে ক্রেতাই ক্রয় কৰে, তথাপি গ্রন্থ এখন মানুহৰ বাবে অমূল্য সম্পদ, বিশ্বাসী বন্ধু, সঠিক সময়ত সঠিক উপদেশ দিওঁতা আৰু জীৱনৰ সংগী৷ সেইবাবে প্রকাশন গোষ্ঠীবোৰে গ্রন্থ প্রকাশ কৰা সময়ত বেছি সতর্ক আৰু সচেতন হোৱা উচিত৷ পাঠকে যাতে প্রকাশন গোষ্ঠীৰ পৰা গ্রন্থ ক্রয় কৰোঁতে ঠগ খাবলগীয়া নহয় আৰু প্রকাশন গোষ্ঠীয়ে বদনামৰ ভাগী হ’বলগীয়া নহয়, তাৰ বাবে প্রকাশন গোষ্ঠীৰ প্রতিজন ব্যক্তি সজাগ–সচেতন হ’ব লাগিব৷ দায়িত্বসহকাৰে, দায়বদ্ধতাৰে নিজৰ দায়িত্ব সমাপন কৰিব লাগিব৷ পাণ্ডুলিপি নির্বাচন কৰাৰ পৰা সম্পাদনালৈ প্রকাশন গোষ্ঠী সতর্ক হ’ব লাগিব৷ লেখকসকলেও অধ্যয়ন, গৱেষণাৰ পিছতহে গ্রন্থ এখন লিখাৰ কৰাৰ কথা ভাবিব লাগে৷ কেৱল লিখিব লাগে বাবে লিখিব নালাগে৷ নিজৰ নাম, পৰিচয় নোহোৱা হৈ যোৱাৰ ভয়ত লিখিব নালাগে৷ প্রতিজন লেখকে সংখ্যাগত দিশত মনোযোগ দিয়াতকৈ গুণগত দিশবোৰতহে অধিক গুৰুত্ব দিয়া উচিত৷ এখন গ্রন্থই সমাজ জীৱনত কিমান ইতিবাচক প্রভাৱ পেলাব, সেই দিশটোতো মনোনিৱেশ কৰা উচিত৷
বহু লেখকে গ্রন্থমেলা আছে বাবেই তৎকালেই এখন গ্রন্থ কম সময়ৰ ভিতৰত প্রকাশ কৰে৷ প্রকাশকেও সহায় কৰে৷ কিন্তু এনে কৰা উচিত নহয়৷ বহু সময়ত তেনে গ্রন্থও বিক্রী বেছি হয় যদিও বহু ত্রুটি দৃষ্টিগোচৰো হোৱা দেখা যায় ৷ সময়ৰ লগে লগে মানুহে বেলেগ বেলেগ বিষয়ত পঢ়ি ভাল পাব পাৰে, ই এক সাধাৰণ কথা৷ পঢ়ি ভালপোৱা প্রতিখন গ্রন্থই যে উৎকৃষ্ট তেনে নহ’বও পাৰে বা বহু গ্রন্থ বহু লেখকে সেই সময়খিনিত নপঢ়িবও পাৰে, কিন্তু তাৰ অর্থ এইটো নহয় যে গ্রন্থখন উৎকৃষ্ট নহয়৷ বহু গ্রন্থ ব্যৱসায়িকভাৱে সফল, কিন্তু উৎকৃষ্ট গ্রন্থও কেতিয়াবা ব্যৱসায়িকভাৱে সফল নহয়৷ সেয়ে প্রকাশকসকলে ব্যৱসায়িক দিশৰ প্রতি লক্ষ্য ৰাখি গ্রন্থ প্রকাশ কৰক, কিন্তু তাৰ সমান্তৰালকৈ ঐতিহাসিক মূল্য থকা গ্রন্থও প্রকাশ কৰা উচিত৷ সাম্প্রতিক সময়ত উপন্যাস, গল্প সংকলনক যিদৰে পাঠকে আঁকোৱালি লয়, সেইদৰে জীৱনী, ইতিহাস, নৃতত্ত্ব, প্রবন্ধ সংকলনক বৰ বেছি গুৰুত্ব দিয়া দেখা নাযায়৷ দিলেও সংখ্যাত তাকৰ৷ আজিকালি পাঠকসকল যথেষ্ট শিক্ষিত, বহু কথা আগতীয়াকৈ অনুমান কৰিব পাৰে৷ সেয়ে গ্রন্থ ক্রয় কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰে৷ কোনখন গ্রন্থ, কোনবোৰ বিষয় তেওঁঁৰ প্রিয়, সেই দিশবোৰ চাইহে গ্রন্থ ক্রয় কৰে৷ গ্রন্থমেলাৰ বতৰত পাঠক সমাজেও যথেষ্ট গ্রন্থ ক্রয় কৰে৷ অসমৰ ভিন্ন প্রান্তত চলি থকা গ্রন্থমেলাসমূহে অসমৰ সমাজ জীৱনত এক ইতিবাচক প্রভাৱ পেলাইছে৷ মহাবিদ্যালয়সমূহত হোৱা গ্রন্থমেলাবোৰেও শিক্ষার্থীসকলক যথেষ্ট অনুপ্রেৰণা দিছে৷ নিজৰ হাতেৰে কিতাপ স্পর্শ–নির্বাচন কৰি ক্রয় কৰা পৰিৱেশ মহাবিদ্যালয়খনতেই লাভ কৰিছে৷ সেয়ে লেখকসকলে সাহিত্যৰ উৎকর্ষ সাধনৰ বাবে নতুন নতুন পৰীক্ষা–নিৰীক্ষাৰে গ্রন্থ প্রকাশ কৰা প্রয়োজন৷ কোনো পাঠকে যাতে গ্রন্থ এখন ক্রয় কৰি ঠগ খাবলগীয়া নহয়, তেনে এক পৰিৱেশ অসমত গঢ় দিব লাগিব প্রকাশকসকলেই৷ লেখকসকলো সাৱধান হ’ব লাগিব৷ অসমত গ্রন্থ অধ্যয়নৰ এটা পৰিৱেশ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত বহু লোক ব্যস্ত থাকিলেও লেখকৰ সংখ্যা বাঢ়িছে, পাঠকেও গ্রন্থবোৰ আঁকোৱালি লৈছে৷ এনে সময়খিনিত লেখক–পঢ়ুৱৈ–প্রকাশকৰ মাজত এক উপযুক্ত সংযোগ স্থাপন হ’লেহে সাহিত্যৰ ভঁৰাল আৰু ব্যৱসায় দুয়োটা টনকিয়াল হ’ব৷ সেয়ে গ্রন্থমেলাৰ বতৰত এই কথাবোৰ গভীৰভাৱে ভাবি চোৱা উচিত৷ পুনৰ উল্লেখ কৰিছোঁ– গ্রন্থ কেৱল পণ্যই নহয়, গ্রন্থ আমাৰ বাবে সম্পদ৷ গ্রন্থই আমাৰ জীৱনক সমৃদ্ধ কৰে৷ গতিকে, জীৱনক সমৃদ্ধ কৰা গ্রন্থসমূহ নিখুঁত হ’বই লাগিব৷