নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনী মেচত আজি কাটাৰৰ সন্মুখত ইকুৱেডৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্ত৷ কাটাৰত আজিৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সর্ববৃহৎ প্রতিযোগিতা বিশ্বকাপ ফুটবল৷ ২৯ দিন ধৰি চলিবলগীয়া ফিফাৰ ২২সংখ্যক প্রতিযোগিতাখনত ৩২টা দলে ভাগ ল’ব ৬৪খন মেচত৷ মেচসমূহ লুছাইল আইক’নিক ষ্টেডিয়াম, আলবাইট ষ্টেডিয়াম, ষ্টেডিয়াম ৯৭৪, আল থুমামা ষ্টেডিয়াম, খলিফা আন্তঃৰাষ্ট্রীয় ষ্টেডিয়াম, ইডুকেচন চিটী ষ্টেডিয়াম, আহমেদ বিন আল ষ্টেডিয়াম আৰু আল ৱাক্রাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে কাটাৰত উপস্থিত হৈছে আটাইকেইটা দল৷ আৰম্ভ হৈছে জল্পনা–কল্পনা৷ প্রস্তুতি সমাপ্ত কৰি বিশ্বকাপৰ বাবে সাজু হৈ উঠিছে দলকেইটা৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ ফাইনেল মেচখন ১৮ ডিচেম্বৰত লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ফুটবলৰ কোনো পৰম্পৰা নথকা কাটাৰত আজিৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত ভাগ ল’ব আয়োজক কাটাৰে ইকুৱেডৰৰ বিপক্ষে৷ আল বাইট ষ্টেডিয়ামত আজি নিশা ৯.৩০ বজাত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷ অৱশ্যে উদ্বোধনী মেচখনৰ পূর্বে সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব বর্ণিল উদ্বোধনী অনুষ্ঠান৷ ৬০ হাজাৰ দর্শকৰ উপস্থিতিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ জনপ্রিয় বেণ্ড বিটিএছৰ লগতে মিউজিকেল বেণ্ড ব্লেক আইড পীজ, ৰবি উইলিয়ামছৰ লগতে বলীউডৰ তাৰকা অভিনেত্রী তথা গায়িকা ন’ৰা ফাতেহীৰ সংগীতৰ লহৰে অনুৰাগীক আপ্লুত কৰি তুলিব৷

মন কৰিবলগীয়া যে আড়ম্বৰপূর্ণ এই উদ্বোধনী অনুষ্ঠানত তাৰকা প’প গায়িকা ছাকিৰাই ভাগ লোৱাৰ কথা যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ উদ্বোধনী অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ লগতে ফিফাৰ সভাপতি জিয়ানী ইনফাণ্টিনোও উপস্থিত থাকিব৷ প্রতিযোগিতাখনৰ আজি হ’বলগীয়া গ্রুপ এৰ মেচখনক লৈ আত্মবিশ্বাসী আয়োজক দেশ কাটাৰ৷ কাইলৈৰ মেচখন সন্দর্ভত কাটাৰৰ প্রশিক্ষক ফেলিক্স ছানছেজে কয় যে ইকুৱেডৰৰ বিপক্ষে জয়লাভ কৰাটোৱে তেওঁলোকৰ প্রধান লক্ষ্য৷ ফিফাৰ সর্ববৃহৎ প্রতিযোগিতাখনত উদ্বোধনী মেচত জয়লাভ কৰি ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাই প্রধান লক্ষ্য বুলি উল্লেখ কৰি প্রশিক্ষকগৰাকীয়ে লগতে কয় যে কাটাৰে প্রথমবাৰৰ বাবে বিশ্বকাপত ভাগ ল’ব৷ সঁচাকৈয়ে এয়া এক আনন্দৰ কথা৷ আমাৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব৷ আশা কৰিছোঁ দলটোৰ খেলুৱৈসকলে উন্নত প্রদর্শন দাঙি ধৰি জয়ৰ সোৱাদ লাভ কৰিব পাৰিব৷
খেলৰ সময়: নিশা ৯.৩০ বজা৷

You might also like