নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঊষা মংগেশকাৰলৈ ড০ ভূপেন হাজৰিকা সমন্বয় বঁটা অসম সাহিত্য সভাৰ

  • ২২ নৱেম্বৰত গুৱাহাটীত বঁটা প্রদান কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে
  • সাহিত্য সভাৰ নির্বাচনত ৰিগিঙৰ প্রসংগক লৈ সভাপতি কুলধৰ শইকীয়াৰ প্রতিক্রিয়া
  • অভিযোগ উঠা দুয়োগৰাকীলৈ পত্র প্রেৰণ কৰা হৈছে, তেওঁলোকে উত্তৰ দিব লাগিব

 

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: বিশিষ্ট শিল্পী তথা দেশৰ প্রখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড০ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা–২০২২৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্র আৰু গ্রন্থৰ টোপোলা৷ অহা ২২ নৱেম্বৰত গুৱাহাটীৰ নেডফি হাউছ প্রেক্ষাগৃহত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে গায়িকাগৰাকীক এই বঁটা প্রদান কৰিব৷ আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাকক্ষত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই এখন সংবাদ মেলযোগে এই কথা সদৰী কৰে৷ উল্লেখ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ২০১৩ চনৰ পৰা প্রত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্রদান কৰি অহা হৈছে৷ এই বছৰো নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত বঁটাটি প্রদানৰ প্রস্তুতি চলোৱা হৈছে৷ উল্লেখ্য যে ড০ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটাৰ নির্বাচনৰ বাবে অসম সাহিত্য সভাই এখন সমিতি গঠন কৰিছিল৷ এই নির্বাচনী সমিতিয়ে কেইবাগৰাকী স্বনামধন্য শিল্পীক বঁটাৰ বাবে মনোনয়ন দিছিল৷ কিন্তু শেষ মুহূর্তত হিন্দী, মাৰাঠী, কানাড়া, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাৰ গীতত কণ্ঠদান কৰি সমন্বয় সাধন কৰা আৰু ড০ ভূপেন হাজৰিকাৰ লগত মধুৰ সম্পর্ক থকা প্রখ্যাত গায়িকা ঊষা মংগেশকাৰকে এই বঁটাৰ বাবে নির্বাচন কৰা হয়৷ স্মর্তব্য যে অসম সাহিত্য সভাই ড০ ভূপেন হাজৰিকা আৰু ড০ মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ড০ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা আৰু ড০ ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) আন্তর্জাতিক সমন্বয় বঁটা প্রদান কৰি আহিছে৷ ড০ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা ইতিপূর্বে লাভ কৰা ব্যক্তিসকল হ’ল– লুবনা মৰিয়ম (বাংলাদেশ–২০১৩), অদূৰ গোপালকৃষ্ণ (কেৰালা–২০১৫), প্রসন্ন ভিঠানাগে (শ্রীলংকা–২০১৭) আৰু এৰিক খু (ছিংগাপুৰ–২০১৯)৷ ইফালে, সাহিত্য সভাৰ সভাপতি নির্বাচনৰ ৰিগিং প্রসংগত আজি সংবাদ মেলতে প্রতিক্রিয়া প্রকাশ কৰে সভাপতি কুলধৰ শইকীয়াই৷ সভাপতিগৰাকীয়ে প্রকাশ কৰা মতে যি দুগৰাকী কর্মকর্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, নির্বাচনী সমিতিয়ে বিষয়টো চোৱাচিতা কৰি আছে৷ আনহাতে, দুয়োগৰাকীলৈ সভাৰ তৰফৰ পৰা পত্র প্রেৰণ কৰি তেওঁলোক উত্তৰ দিয়াৰ বাবে নির্দেশ জাৰি কৰা হৈছে৷ উল্লেখ্য যে সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অহা ডিচেম্বৰত নলবাৰী জিলাত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ চলিত কার্যকালৰ অন্তিমখন কার্যনির্বাহকত ঘোষণা কৰা হ’ব সাহিত্য সভাৰ পৰৱর্তী সভাপতিকে ধৰি অন্যান্য পদবীৰ বাবে অনুষ্ঠিত নির্বাচনৰ ফলাফল৷ উত্থাপিত অভিযোগমর্মে নিয়ম বহির্ভূতভাৱে ভোটাধিকাৰ থকা শাখাৰ পৰা নির্বাচনৰ বেলট সংগ্রহ কৰাৰ অভিযোগ উঠিছে সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আৰু নলবাৰী জিলাৰ সাহিত্য সভাৰ সম্পাদকৰ বিৰুদ্ধে৷

You might also like