নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাগ চিনেৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰৰ বঁটা ডিব্ৰুগড়ৰ অমৃত বৰুৱালৈ

বিশেষ বাৰ্তা, ৩ জুনঃ ২০০৩ চনৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ২০২৩ বৰ্ষৰ বৰ্ণিল অনুষ্ঠানটি দৰ্শকৰে পৰিপূৰ্ণ ইউ এছ টি এমৰ সুবিশাল প্ৰেক্ষাগৃহত বণাৰ্ধ্য কায্যসূচীৰে অনুষ্ঠিত হৈ যায় । বিশিষ্ট অভিনেতা তৌফিক ৰহমান, অভিনেত্ৰী চেতনা দাসলৈ ‘জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰা এই অনুষ্ঠানত মুঠ একত্ৰিশটা শিতানত নবীন-প্ৰবীণ শিল্পীসকলক বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান অনুষ্ঠানত বোলছবি প্ৰসংগত শ্ৰেষ্ঠ গ্ৰন্থকাৰৰ বঁটা প্ৰদান কৰা হয় ‘ৰথীৰ পৰা দ্বীপেন গান্ধীলৈ বিষ্ণু খাৰঘৰীয়া’ গ্ৰন্থখনৰ বাবে অমৃত বৰুৱাক৷ ‘ৰথীৰ পৰা দ্বীপেন গান্ধীলৈ বিষ্ণু খাৰঘৰীয়া’ গ্ৰন্থখন বিষ্ণু খাৰঘৰীয়াৰ সাংস্কৃতিক ,সামাজিক জীৱন পৰিক্ৰমাৰ ওপৰত ৰচনা কৰিবলৈ যাওঁতে ডিব্ৰুগড়ৰ নামৰ সৈতে জড়িত কিছু তথ্য, অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ থকা কিছু ইতিহাস স্পৰ্শ কৰি যোৱাৰ প্ৰয়াস কৰিছে লেখকে৷ ডিব্ৰুগড় লাচিত নগৰৰ নৱোদয় পথৰ বাসিন্দা অমৃত বৰুৱা প্ৰাগ চিনে এৱাৰ্ডছ’ৰ যিকোনো শিতানৰ বঁটাপ্ৰাপকৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ প্ৰথমগৰাকী ব্যক্তি ৷ ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগৰ পৰা সহকাৰী অভিযন্তা পদৰ পৰা ২০২১ত অৱসৰ গ্ৰহণ কৰা অমৃত বৰুৱাই বৰ্তমান লেখক আৰু সাংস্কৃতিক সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ৷

প্ৰেৰক বিভাস দুৱৰা

You might also like