নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমগৰাকী অসমীয়া হিচাপে সংগীত নাটক একাডেমীৰ সচিব পদত ৰাজু দাস

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: অসমবাসীক গৌৰৱান্বিত কৰি সংগীত নাটক একাডেমীৰ সচিব হিচাপে প্রথমবাৰৰ বাবে এগৰাকী অসমীয়াই নিযুক্তি লাভ কৰিছে৷ এই সন্মানীয় পদবীত নিযুক্তি লাভ কৰিছে শিৱসাগৰৰ কুঁৱৰপুৰ গাঁৱৰ ৰাজু দাসে৷ সোমবাৰে একাডেমীৰ সচিবৰ দায়িত্ব গ্রহণ কৰা দাসে   সাংবাদিকৰ আগত উত্তৰ–পূর্বাঞ্চলৰ শিল্পীসকলৰ উন্নয়নৰ হকে কাম কৰাৰ দায়বদ্ধতা প্রকাশ কৰে৷ সত্রীয়া সংস্কৃতিৰ প্রসাৰৰ বাবে অগ্রণী ভূমিকা পালন কৰি অহা দাসে লক্ষ্ণৌৰ পৰা সংগীত শিক্ষা গ্রহণ কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ ২০০৫ চনত সংগীত নাটক একাডেমীত প্র’গ্রাম অফিচাৰ হিচাপে যোগদান কৰা দাসে গুৱাহাটীত সত্রীয়া কেন্দ্র স্থাপনৰ বাবে দহ বছৰ কর্মৰত আছিল৷ পৰৱর্তী সময়ত একাডেমীৰ সহকাৰী সচিব (সমন্বয়) হিচাপে সমগ্র দেশৰ ধ্রুপদী নৃত্য আৰু সংগীতৰ প্রসাৰৰ বাবেও অগ্রণী ভূমিকা পালন কৰিছিল৷ ‘সংগীত নাটক একাডেমী’ৰ সচিবৰ দায়িত্ব লাভ কৰাটো মোৰ বাবে সঁচাকৈ গৌৰৱৰ কথা৷ গুৰুজনা শংকৰদেৱ, মাধদেৱৰ আশীর্বাদ থকাৰ বাবেই এয়া সম্ভৱ হ’ল৷ লগতে অসম তথা দেশবাসীৰ মৰম–চেনেহেও মোক আগবাঢ়ি যোৱাত বৰকৈ সহায় কৰিছে৷– সাংবাদিকৰ আগত ৰাজু দাসৰ  এয়াই আছিল প্রতিক্রিয়া৷ দেশৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ শিল্পীসকলৰ উন্নয়নৰ বাবেও কাম কৰিব বুলি তেওঁ দোহাৰে৷

You might also like