নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ ভৱিষ্যৎ

ৰাজনীতি কৰা লোকৰ বহুতে জ্যোতিষীৰ ভৱিষ্যদ্বাণীক খুব গুৰুত্বসহকাৰে গ্রহণ কৰে৷ কিছুমান ভৱিষ্যদ্বাণী সাধাৰণ জ্ঞানৰ দ্বাৰাই অনুমান কৰিব পাৰি৷ কিন্তু সেই কথাটোকে যদি জ্যোতিষচর্চাকাৰীয়ে ঘোষণা কৰে, তাৰ গ্রহণযোগ্যতা বাঢ়ি যায়৷ অহা বছৰত হ’বলগীয়া লোকসভা নির্বাচনত ৰাহুল গান্ধীৰ অৱস্থিতি সম্পর্কে চিৰাগ দাৰুৱালাই কৰা ভৱিষ্যদ্বাণীত কৈছে যে ক্ষমতা লাভৰ ক্ষেত্রত কিছু বিলম্ব ঘটিব আৰু বাধাৰ সন্মুখীন হ’ব৷ ভৱিষ্যদ্বাণীটোত কোৱা হৈছে– ‘অক্লান্ত পৰিশ্রমৰ পিছতো তেওঁলোকে আশা কৰা সফলতাৰ পৰা আঁতৰি থাকিব৷ আনহাতে, সপ্তম স্থানত থকা অকল শুক্র আৰু দুর্বল সপ্তম প্রভুৱে তেওঁক সংসাৰ সুখৰ পৰাও বঞ্চিত কৰি আছে৷’ ন্যায়ালয়ে ৰাহুল গান্ধীৰ প্রসংগত দিয়া ৰায়টোৱে জ্যোতিষীৰ ভৱিষ্যদ্বাণী সত্য প্রমাণ কৰিবলৈ ওলাইছে৷ ৰাহুল গান্ধীৰ এই দশাই ভাৰতীয় ৰাজনীতিৰ জগতখনতো প্রভাৱ পেলাব৷ ৰাহুল গান্ধী সংসদৰ সদস্য হৈ থাকক বা নাথাকক, সেইটো কোনো ডাঙৰ কথা নহয়৷ লোকসভাৰ ৫৪৫খন আসনৰ মাত্র ৫২খন আসন লাভ কৰা দল এটাৰ নেতা এগৰাকীৰ উপস্থিতি বা অনুপস্থিতি সংসদৰ বাবে বিশেষ গুৰুত্বৰ কাৰণ নহয়৷ দুর্বল কংগ্রেছ দলটোৰ বাবেও বিশেষ ডাঙৰ কথা নহয়৷ ডাঙৰ কথা হ’ল, কংগ্রেছক গুৰু হিচাপে গ্রহণ কৰি কংগ্রেছৰ নেতৃত্বত বিৰোধী মর্চা গঠন কৰি নির্বাচনী যুদ্ধত নৰেন্দ্র মোদীক হৰুৱাই ৰাজপাট দখল কৰাৰ সপোন দেখা ৰাজনৈতিক দলকেইটাৰ মূল অৱলম্বন নাইকিয়া হোৱাটোহে৷ কংগ্রেছ দলটো সদায়ে এটা পৰিয়ালৰ ওপৰত নির্ভৰশীল হৈ আহিছে আৰু সেইটোৱেই দলটোৰ দর্শন৷ নেহৰুৰ দিনৰ পৰাই কংগ্রেছে বিভিন্ন ৰাজনৈতিক দলক বিভিন্ন কামৰ বাবে ‘আউট ছ’র্চিং’ কৰি আহিছিল আৰু সেইমতে কংগ্রেছে সমর্থন আৰু কাম আৰু দলবোৰে মাননি লাভ কৰি আহিছিল৷ এই অভ্যাস ইমান গাঢ় হৈ উঠিছিল যে ৰাজপাট দখলৰ সপোন বাস্তৱত পৰিণত কৰাৰ আশাত ৰাজনৈতিক দলবোৰে নিজৰ নিজৰ প্রচাৰিত আদর্শৰ কথা পাহৰি কংগ্রেছৰ ছত্রছায়াত প্রৱেশ কৰিছিল৷
লোকসভাত বাক্পটু কমিউনিষ্ট দল (মা)টিৰ সদস্য সংখ্যা মাত্র তিনিজন হ’লেও তেওঁলোকে এনেদৰে আচৰণ কৰে যেন মোদীক আঁতৰাই তেওঁলোকৰ পছন্দৰ কাৰোবাক প্রধানমন্ত্রীৰ আসনত বহুৱাব৷ সেই পছন্দৰ মানুহজন ৰাহুল গান্ধীয়েই৷ মোদীক হৰুৱাবলৈ যিসকল বিৰোধী একলগ হয়, তেওঁলোকৰ নেতৃত্ব সদায়েই থাকে কংগ্রেছৰ হাতত৷ ইয়াৰ মনস্তাত্ত্বিক কাৰণ হ’ল, সকলো নেহৰু বা গান্ধী পৰিয়ালৰ প্রতি অনুগত আৰু বিশ্বাসী৷ বিৰোধী ঐক্যৰ সময়ত দেখা যায় যে প্রধানমন্ত্রী পদৰ প্রার্থীৰ কথা আহিলেই সকলো মৌন হৈ থাকে, কোনো এটা দলৰেই সাংগঠনিক শক্তিতো নায়েই, আনকি মানসিক শক্তিও নাই নিজ দলৰ মানুহ এজনক আগবঢ়াই দিবলৈ৷ কাৰো বুজাত অসুবিধা নহয় যে কংগ্রেছৰ যুৱৰাজেই তেওঁলোকৰ আৰাধ্য দেৱতা আৰু বিৰোধী ঐক্যৰ ফেভিকল৷ সকলো কথাতে সৰৱ হৈ থকা সাম্যবাদীসকল কিন্তু কংগ্রেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিবলগীয়া প্রসংগত একেবাৰে মৌন৷ কিন্তু ৰাহুল গান্ধীৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ হৈ উঠাৰ লগে লগে বামপন্থী প্রচাৰকসকলে প্রচাৰ আৰম্ভ কৰিলে যে এই কাম মোদীৰ ষডযন্ত্র আৰু আদানিৰ বিষয়ে প্রশ্ণ কৰা কাৰণেহে ৰাহুল গান্ধীক মোদীয়ে এনেদৰে বিপদত পেলাইছে৷ সংবাদ মাধ্যমৰ কৃপাত কাৰো জানিবলৈ বাকী নাই যে মোদী উপাধিৰ মানুহবোৰক অপবাদ দিয়া কাৰণেহে আদালতত গোচৰ দিয়া হৈছিল আৰু এই ৰায়ো আদালতৰেই, মোদীৰ ৰাজনৈতিক সিদ্ধান্ত নহয়৷ অসমত এই তথ্য বিকৃতকৰণত অসমৰ এক বামপন্থী প্রচাৰক আৰু প্রাক্তন শিক্ষকে আগভাগ লৈছে৷ ইয়াৰ কাৰণ হ’ল ৰাহুল গান্ধী অবিহনে কমিউনিষ্ট আৰু দলবোৰ মোদীবিৰোধী শোভাযাত্রাত আগবাঢ়িব নোৱাৰিব৷ কেজৰিৱালক বিৰোধী ঐক্যৰ নেতা আৰু প্রধানমন্ত্রী পদৰ প্রার্থী হিচাপে কোনেও মানি নল’ব, একেদৰে মমতা বেনার্জী, সীতাৰাম য়েচুৰী বা লালু–মুলায়েমৰ পৰিয়ালৰ সদস্যকো কোনেও গ্রহণ নকৰিব৷ সকলো মিলি গান্ধী বা নেহৰু পৰিয়ালৰ আশীর্বাদেই বিৰোধী ঐক্যৰ মূল শক্তি৷ এই ঐক্য জন্মৰ আগতেই নিহত হোৱাত কংগ্রেছৰ আত্মীয়সকল মর্মাহত হোৱাটো স্বাভাৱিক৷

You might also like