নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনত প্রতি লিটাৰ পেট্র’ল-ডিজেলত বাঢ়িল ৭.২০ টকা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ এদিন বন্ধ ৰাখি পুনৰ শুকুৰবাৰে পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে৷ যোৱা ২২ মার্চৰ পৰা প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি প্রক্রিয়া আৰম্ভ কৰি মাজতে দুদিন দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি নকৰিলে যদিও ১২ দিনৰ ভিতৰত ১০ দিনতেই ইন্ধন দুয়োবিধৰ মূল্য বৃদ্ধি কৰা হৈছে৷ শুকুৰবাৰে প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলত ৮০ পইচাকৈ বৃদ্ধি কৰাত ১০ দিনত দুয়োবিধ ইন্ধনত প্রতিলিটাৰত বর্ধিত হ’ল ৭.২০ টকা৷ অর্থাৎ ১০ দিনত গড়ে ৭২ পইচাকৈ বৃদ্ধি কৰা হৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ পৰিপ্রেক্ষিতত সৃষ্ট পৰিস্থিতিৰ বাবে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাক লৈ দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানী আই অ’ চি, বি পি চি এল, এইচ পি চি এলে ২২ মার্চৰ পৰা পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি প্রক্রিয়া আৰম্ভ কৰিছে৷

গুৰুত্বপূর্ণ যে ৫ ৰাজ্যৰ নির্বাচনৰ পৰিপ্রেক্ষিতত ২০২১ চনৰ ৪ নৱেম্বৰৰ পৰা আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি সত্ত্বেও পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি বন্ধ ৰখা কেন্দ্রীয় চৰকাৰে নির্বাচনৰ প্রক্রিয়া সমাপনৰ পাছতেই মূল্যবৃদ্ধিত অনুমোদন জনায় আৰু ২২ মার্চৰ পৰা পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ৰাখিছে ৰাজহুৱা খণ্ডৰ তেল প্রতিষ্ঠানসমূহে৷ ১০ দিন দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ ফলত পেট্র’লৰ মূল্য দেশৰ প্রতিটো অঞ্চলত ১০০ টকা অতিক্রম কৰিছে৷

আনপিনে মুম্বাই–চেন্নাইত প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০ টকা অতিক্রম কৰাৰ পাছত দেশৰ বিভিন্ন চহৰত ডিজেলৰ মূল্যও ১০০ টকা স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ তাৎপর্যপূর্ণ যে বিগত বর্ষত পেট্র’লৰ মূল্যই ১০০ টকা আৰু ডিজেলৰ মূল্যও ১০০ টকা স্পর্শৰ দিশে আগবঢ়াৰ সময়তে কেন্দ্রীয় চৰকাৰে আবকাৰী শুল্ক প্রতিলিটাৰ পেট্র’লত ৫ টকা আৰু ডিজেলত ১০ টকা হ্রাস কৰিছিল৷ তদুপৰি ৰাজ্য চৰকাৰসমূহেও দুয়োবিধ ইন্ধনৰ ওপৰত থকা ভেট হ্রাস কৰাৰ পাছত পেট্র’ল আৰু ডিজেলৰ মূল্য ১০০ টকাৰ তললৈ নামে৷ সম্প্রতি দুয়োবিধ ইন্ধনৰ মূল্যবৃদ্ধি প্রক্রিয়া অব্যাহত ৰখাৰ বাবে পেট্র’ল আৰু ডিজেলৰ মূল্যই পূর্বৰ সকলো অভিলেখ ভংগৰ দিশে আগবাঢ়িছে৷

You might also like