নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ ‘উত্তম যুদ্ধ সেৱা মেডেল’

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়োৱাৰ বাবে অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে সেনাৰ অন্যতম সন্মানীয় বঁটা উত্তম যুদ্ধ সেৱা মেডেল।

উল্লেখ্য যে ভাৰতীয় সেনাৰ থ্ৰী ক’ৰৰ GOC লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ইতিমধ্যে লাভ কৰিছে অতি বিশিষ্ট সেৱা মেডেল, সেৱা মেডেল, আৰু বিশিষ্ট সেৱা মেডেল।

ইপিনে গণতন্ত্ৰ দিৱসত লেফটেনেন্ট জেনেৰেল কলিতাই এই সন্মান লাভ কৰি নিজ পিতৃ-মাতৃ, শিক্ষাগুৰুৰ লগতে অসমবাসীক ধন্যবাদ জনায় ৷

You might also like