নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসাত্মক দিশে কৃষক বিদ্ৰোহঃ নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত কৃষকে লালকিল্লাত উৰুৱালে পতাকা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ কৃষি আইন বাতিলৰ বাবে প্ৰায় দুমাহ দিল্লীৰ ৰাজপথত আন্দোলনৰত কৃষকে আজি দিল্লীত উলিওৱা ট্ৰেক্টৰ সমদল হিংসাত্মক দিশে গতি কৰা দেখা গৈছে।

সমদলৰ বাবে নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হোৱা একাংশ কৃষকে চেন্ট্ৰেল দিল্লীৰ আই টি অ’ত এখন ৰাজপথ অৱৰোধ কৰি ৰখাই থোৱা খালী বাছত আক্ৰমণ কৰে। ইয়াৰ পিছতে আৰক্ষীৰে খণ্ডযুদ্ধ হয়।

কিছু সময় পিছত পৰিস্থিতি শাম কাটে যদিও লালকিল্লা অভিমুখে গতি কৰি কৃষকে লালকিল্লাত পতাকা উৰুৱাই লালকিল্লাত জুম বান্ধে। হাতত লাঠী-ৰড-ডেগৰ লৈ অহা কৃষকৰ লগত আৰক্ষীয়ে হতাহতি লিপ্ত হয় যদিও বৰ্তমানলৈ হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই।

আনহাতে চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই যদিও সংবাদ প্ৰতিষ্ঠান আজ টকৰ মতে এগৰাকী কৃষক নিহত হৈছে আৰক্ষীৰ গুলীচালনাত।

You might also like