নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব ৫, ১০, ১০০ টকীয়া নোট, RBIৰ স্পষ্টীকৰণ…

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ  প্রচলন বন্ধ হ’ব পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোটৰ৷ এনে ধৰণৰ এক বাতৰি সংবাদ মাধ্যমত চৰ্চাত আছিল। লগতে প্ৰকাশ কৰা হৈছিল যে মার্চৰ শেষত অথবা এপ্রিলৰ আৰম্ভতে আৰবিআয়ে পুৰণি উল্লিখিত তিনিবিধ নোট স্থায়ীভাৱে প্রচলন বন্ধ কৰাৰ পৰিকল্পনা কৰিছে৷

কিন্তু শেহতীয়া ভাৱে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জানিবলৈ দিছে তেনে ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই।

টুইটাৰযোগে এক বিবৃতিত, ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়াই জানিবলৈ দিয়ে যে ৫ টকা ১০, ১০০ টকা, বাতিল কৰাৰ বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন।

You might also like