নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৫ জুলাই: ৰঙিয়াত আজি আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন হৈছে উলিয়ানাৰ ইমৰাণ আলী । দীৰ্ঘদিন ধৰি ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ অভিযোগ আছে ইমৰাণ আলীৰ বিৰুদ্ধে। গাঁৱে-গাঁৱে কাপোৰ বিক্ৰী কৰাৰ চলেৰে ড্ৰাগছ বিক্ৰী কৰি আহিছিল সৰবৰাহকাৰীজনে । অৱশেষত আজি ড্ৰাগছ বিক্ৰী কৰা মুহূৰ্তত আৰক্ষীয়ে উদিয়ানাৰ পৰা আলীক গ্ৰেপ্তাৰ কৰে । অভিযানকাৰী দলটোৱে ৬.১২ গ্ৰাম হেৰ’ইন সহ এখন নম্বৰপ্লেট বিহীন বাইক জব্দ কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like