নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন বিধায়কে টিকট পাব, কাৰ টিকট কটা যাব? কি মন্তব্য ৰঞ্জিত দাসৰ?

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ বিধানসভানিৰ্বাচন সমাগত। দিছপুৰ দখল কৰিব কোনে? ২০২১ চনত কাৰ চৰকাৰ, সকলো দল-সংগঠনৰ কল্পনা-জল্পনা। এই সন্দৰ্ভত নিউজ লাইভৰে হোৱা এক সাক্ষাতকাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে আমৰ ৪২ লাখ কৰ্মকৰ্তা আছে, তেওঁলোকে যদি এজনকৈ ভোটাৰকো আকৰ্ষিত কৰিব পাৰে তেন্তে আমাৰ ভোটৰ সংখ্যা হ’ব ৮৪ লাখ গতিকে আমি সংখ্য়াগৰিষ্ঠতা পাম আমি চৰকাৰ গঠন কৰিব পাৰিম।

আনহাতে এইবাৰ বহু বিধায়কে টিকট নাপাব।বহুত বিফল বিধায়কে টিকট নাপাব বুলি মন্তব্য কৰাৰ সন্দৰ্ভত তেওঁ কয় যে বিফল-সফল এইবোৰ ৰাষ্ট্ৰীয় সমিতিয়ে চাৰ্ভে কৰিব আৰু তেওঁলোকৰ তালিকাত যাৰ নাম থাকিব তেওঁলোকে টিকট পাব। প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ কাৰো টিকট দিয়া কৰ্তৃত্ব নাথাকে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে চাৰ্ভে কৰিব সমগ্ৰ বিষয়টোত ।আনহাতে ৰাজ্যিক সমিতিয়েও এটা সংস্থাক দায়িত্ব দিছো চাৰ্ভে কৰিবলৈ। গতিকে ৪টা চাৰ্ভেৰ ফলাফলৰ পিছত যাৰ নাম আহিব তেওঁ টিকট পাব তেওঁ লাগিলে বিধায়ক হওঁক বা নহওঁক বুলি মন্তব্য কৰে ৰঞ্জিত দাসে।

You might also like