নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি হ’ল SBIৰ এ টি এমৰ পৰা ধন উলিওৱাৰ পদ্ধতি

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ভাৰতীয় ষ্টেট বেংকে এ টি এমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত অৱলম্বন কৰিছে নতুন নীতি। ১৮ ছেপ্টেম্বৰৰ পৰা এ টি এমৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি কৰিছে বেংকটোৱে।

প্ৰৱঞ্চকৰ পৰা বাচি থকাৰ উপায় হিচাপে এতিয়াৰ পৰা ১০,০০০ বা তাতোকৈ বেছি ধনৰাশি এটিএমৰ পৰা উলিওৱাৰ বাবে গ্ৰাহকৰ মোবাইললৈ অ’ টি পি পঠিওৱা হ’ব আৰু সেই অ’ টি পি এটিএমত টাইপ কৰিলেহে ধন উলিয়াব পৰা যাব।

পূৰ্বতেও এছ বি আয়ে এই নিয়ম নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ আৰম্ভ কৰিছিল যদিও ১৮ ছেপ্টেম্বৰৰ পৰা ২৪ ঘণ্টাৰ বাবে এছ বি আই এটিএমত এই সেৱা উপলব্ধ হ’ব।

উল্লেখ্য কাৰ্ড সলনা-সলনি বা ভিন্ন জালিয়াতিৰ আশ্ৰয় লোৱা প্ৰৱঞ্চকৰ পৰা এছ বি আই গ্ৰাহকক বচোৱাৰ বাবে বেংকটোৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

You might also like