নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত ঔষধ ফেক্টৰীৰ পৰা ওলোৱা বেক্টেৰিয়াই আক্ৰান্ত কৰিলে সহস্ৰজনক…

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ উত্তৰ-পূব চীনত সহস্ৰাধিক লোক ব্ৰুছেলোছিচ নামৰ এক বেক্টেৰিয়াজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। চীনা প্ৰশাসনৰ পৰা জানিব পৰা মতে, ব্ৰুচেলা নামৰ এক বেক্টেৰিয়াৰ বাবে সৃষ্ট এই ৰোগ পশুৰ দ্বাৰা সংক্ৰমিত হয়। ১,৪০১ গৰাকী লোকৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰিছে যদিও হতাহতৰ কোনো তথ্য এতিয়ালৈ পোৱা নাই বুলি লানজৌ স্বাস্থ্য আয়োগে জানিবলৈ দিয়ে।

পূৰ্বতেও অঞ্চলটোত ৩২৪৫গৰাকী লোকৰ দেহত এই বেক্টেৰিয়াজনিত ৰোগ ধৰা পৰিছিল। ২.৯ নিযুত জনসংখ্যা থকা অঞ্চলটোত মুঠ ২১,৮৪৭ গৰাকী লোকৰ পৰীক্ষা কৰা হৈছিল। উত্তৰ-পূব চীনৰ গাঞ্চু অঞ্চলত হোৱা এই ৰোগৰ কাৰণ আছিল ব্ৰুচেলা নামৰ এবিধ বেক্টেৰিয়া।

কিন্তু আটাইতকৈ উদ্বেগজনক কথাটো হ’ল এই বেক্টেৰিয়াজনিত ৰোগ হৈছিল অঞ্চলটোত থকা এটা বায়’ফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা অসাৱধানবশতঃ কিবাকৈ ওলাই অহা বেক্টেৰিয়াৰ পৰা।

চি এন এনৰ সূত্ৰ মতে, গাঞ্চুৰ ৰাজধানী নগৰ লানজৌৰ স্বাস্থ্য আয়োগে এই তথ্য প্ৰকাশ কৰিছে। ঝোংগমু লানজৌ বায়’কেমিকেল ফাৰ্মাচিউটিকেল ফেক্টৰী নামৰ কোম্পানীটোৰ পৰা ওলাই অহা বেক্টেৰিয়াৰ বাবে বহু লোক ব্ৰুছেলোছিচ ৰোগত আক্ৰান্ত হৈছিল যোৱাবছৰৰ জুলাই-আগষ্ট মাহত।

এই বেমাৰৰ লক্ষণ আছিল মূৰৰ বিষ, জ্বৰ, মাংসপেশীৰ বিষ আৰু দুৰ্বলতা। স্থানীয় ভাষাত ইয়াক মাল্টা জ্বৰ বা মেডিটেৰানিয়ান জ্বৰ বুলিও কোৱা হৈছিল। মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ কোনো তথ্য-প্ৰমাণ পোৱা হোৱা নাছিল যদিও দূষিত খাদ্য আৰু উশাহ-নিশাহৰ মাজেৰে ব্ৰুচেলা বেক্টেৰিয়া মানৱ দেহত প্ৰৱেশ কৰিছিল।

সন্দেহ কৰা মতে, ফেক্টৰীটোত পশুৰ বাবে ব্ৰুচেলা ভেকচিন প্ৰস্তুত কৰাৰ পিছত ম্যাদ উকলি যোৱা জীৱাণুনাশক দ্ৰব্যৰে ছেনিটাইজ কৰা হৈছিল, যাৰ ফলত ফেক্টৰীৰ পৰা উলিয়াই দিয়া গেছত কিছু বেক্টেৰিয়া থাকি গৈছিল। চীনা প্ৰশাসনে পিছত উক্ত ফেক্টৰীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে দোষী সাব্যস্ত হোৱা ৮গৰাকী ব্যক্তিক শাস্তি বিহিছিল।

You might also like