বিষ্ণু চিনেমা হলত আজি চাৰিটা দৰ্শনীয়েই হাউছফুল : ধুবুৰীত ৰৈ ৰৈ বিনালেৰ ৰেকৰ্ড
প্ৰায় ত্ৰিশ বছৰৰ পিছত অসমীয়া ছবি ধুবুৰী ছবিগৃহত হাউছফুল হোৱা দেখা গৈছে। সেয়া অতি গুৰুত্বপূৰ্ণ
আজি মুক্তি পোৱা জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” ছবিখনে ইতিহাস ৰচিলে ধুবুৰীত। পোন প্ৰথমবাৰৰ বাবে ধুবুৰীৰ ছবিগৃহত এখন বোলছবিৰ চাৰিটা দৰ্শনীৰে প্ৰায় সম্পূৰ্ণ টিকট বিক্রী হৈ গ’ল আগতীয়াকৈ।
উল্লেখ্য যে ধুবুৰী চহৰৰ বিষ্ণু চিনেমা হ’লত চাৰিটা দৰ্শনীত প্ৰদৰ্শিত হ’ব ছবিখন। চিনেনা হ’লটোৰ সঞ্চালক সজল আচাৰ্যই ছবিখন পুৱা ১১ বজাত প্ৰথম দৰ্শনী, দুপৰীয়া ১-৪৫ বজাত দ্বিতীয় দৰ্শনী, বিয়লি ৪-৩০ বজাত তৃতীয় দৰ্শনী আৰু নিশা ৭ বজাত চতুৰ্থ তথা অন্তিম প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হোৱা বুলি জনাইছে।
ইতিমধ্যে আজিৰ চাৰিটা দৰ্শনীৰ্ প্ৰায় সম্পূৰ্ণ টিকট বিক্ৰী হৈ যোৱা বুলিও সদৰি কৰিছে ছবিগৃহটোৰ সঞ্চালক গৰাকীয়ে। কেৱল ধুবুৰীৰেই নহয়; গৌৰীপুৰ, গোলকগঞ্জ, আগমনি আদি অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ অলেখ জুবিন অনুৰাগীয়ে এতিয়া ধাপলি মেলিছে বিষ্ণু চিনেমা হ’ললৈ।
ধুবুৰীত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চোৱাৰ বাবে দৰ্শকৰ ভিৰ লাগিছে। ধুবুৰী জিলাৰ বিষ্ণু ট’কিজ ছবিগৃহত ভিৰ জুবিন অনুৰাগীৰ। প্ৰায় ত্ৰিশ বছৰৰ পিছত অসমীয়া ছবি ধুবুৰী ছবিগৃহত হাউছফুল হোৱা দেখা গৈছে। সেয়া অতি গুৰুত্বপূৰ্ণ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩১ ডিচেম্বৰ