বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ চিৰবিদায়, সৰ্বত্ৰ শোক
এটা যুগৰ অৱসান ঘটিল। এগৰাকী মহীৰূহে আজি ইহজীৱনৰ পৰা বিদায় মাগিলে। টাইটানিকৰ দৰে বিশাল ঘটনা এটাক মঞ্চত সাকাৰ ৰূপ দি তেওঁ গললৈ জীৱনৰ মায়া এৰি। কহিনুৰৰ মঞ্চত টাইটানিক মঞ্চস্থ আঁৰৰ মানুহজন জীৱনৰ পৰা মেলানি মাগিলে। তেওঁ আন কোনো নহয়, অসমীয়া নাটক-সংগীত জগতৰ অন্যতম মহীৰূহ হেমন্ত দত্ত।
আজি হেমন্ত দত্তই গুৱাহাটীৰ জি এম চি এইচ (GMCH)ত হৃদৰোগ আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে।
এগৰাকী বিশিষ্ট অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক আছিল তেওঁ। তেওঁ অসমৰ সাংস্কৃতিক জগতত নাটক, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছিল। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্মগ্ৰহণ কৰা হেমন্ত দত্তই মঙলদৈত স্কুলীয়া শিক্ষা আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হলিৰাম দত্ত আৰু মাতৃৰ নাম বিৰজা বালা দত্ত।
নাট্যকাৰ হিচাপে অৱদান
হেমন্ত দত্তই অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত এক নতুন মাত্ৰা যোগ কৰিছিল। তেওঁৰ উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত আছে :
- এটা নষ্ট ল’ৰাৰ গল্প
- পথ
- টাইটানিক
- সেন্দূৰ
- আকাশৰ দৰে মন
- মুক্তি
- চক্ৰবেহু
- জেতুকা পাতৰ ৰং
বিশেষকৈ তেওঁৰ নাটক টাইটানিক অসমীয়া নাট্য জগতত এক ঐতিহাসিক সৃষ্টি। জেমছ কেমেৰুনৰ বিখ্যাত চলচ্চিত্ৰ ‘টাইটানিক’ৰ অসমীয়া নাট্যৰূপ প্ৰস্তুত কৰি তেওঁ কহিনুৰ থিয়েটাৰৰ মঞ্চত এই নাটক দুবাৰ মঞ্চস্থ কৰিছিল (১৯৯৮-১৯৯৯ আৰু ১৯৯৯-২০০০ নাট্যবৰ্ষত)। এই নাটকত তেওঁ নিজে কেপ্টেইনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু অত্যাধুনিক কাৰিকৰী কৌশলৰ ব্যৱহাৰেৰে দৰ্শকৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছিল। তেওঁ মুঠ ১০০ৰো অধিক নাটক ৰচনা কৰিছিল।
গীতিকাৰ হিচাপে অৱদান
হেমন্ত দত্তই প্ৰায় ৫০০ৰো অধিক গীত ৰচনা কৰিছিল, যিবোৰৰ ভিতৰত বহুতো চিৰযুগমীয়া হৈ পৰিছে। তেওঁৰ উল্লেখযোগ্য গীতসমূহৰ ভিতৰত আছে :
- মই যি বাটেৰে ওলালো আজি
- এই আকাশ বৰ বিশাল
- তুমি আহিছিলা চেনাই
- বুকু দুৰু দুৰু
- নহ’লে পৰিচয় হিয়াৰে
- হিয়াৰ মৰম মুকুতা হৈ
- গছে বনে সেউজীয়া
- নায়ক হ’ব খুজি
তেওঁৰ গীতসমূহ জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, শান্তা উজীৰ, সমৰ হাজৰিকাৰ দৰে বিখ্যাত কণ্ঠশিল্পীৰ কণ্ঠত জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ ‘পিতা-পুত্ৰ’ চলচ্চিত্ৰৰ বাবে ১১৬ শাৰীৰ গীত “বন্ধ কৰিব হাত, বন্ধ কৰিব মাত” ৰচনা কৰিছিল, যিটো অসমীয়া গীতৰ ভিতৰত সবাতোকৈ দীঘলীয়া বুলি কোৱা হয়। তেওঁ ‘নতুন আশা’, ‘শেৱালি’, ‘জীৱন সুৰভি’, ‘বহাগৰ দুপৰীয়া’, ‘হিয়া দিয়া নিয়া’, ‘নায়ক’ আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল।
অভিনয় আৰু পৰিচালনা
হেমন্ত দত্তই অভিনয়ৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ ‘উপপথ’, ‘অনিৰ্বাণ’, ‘শেৱালি’, ‘মন-মন্দিৰ’, ‘বাৰুদ’ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ‘উপপথ’ (১৯৮০) নামৰ এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি মঙলদৈত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে হৈছিল, যেতিয়া তেওঁ এখন নাটকত নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হৈছিল।
স্বীকৃতি আৰু বঁটা
হেমন্ত দত্তই তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে একাধিক সন্মান আৰু বঁটা লাভ কৰিছিল :
- অসম সৌৰভ বঁটা (২০২৪)
- ভবেন বৰুৱা বঁটা (২০১৭)
- ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯)
- মুন লাইট মিডিয়া বঁটা
- অসম নাট্য সন্মিলনী বঁটা
- নাট্য সিন্ধু বঁটা
- গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮)
- অসমীয়া প্ৰতিদিনৰ এছিভাৰছ এৱাৰ্ড
হেমন্ত দত্তৰ সৃষ্টিসমূহে অসমীয়া নাটক, সংগীত আৰু চলচ্চিত্ৰৰ জগতত এক অমৰ চিন স্বৰূপে থাকি যাব। তেওঁৰ কলাত্মক কাৰুকাৰ্য আৰু সৃষ্টিশীলতাই অসমৰ সাংস্কৃতিক ঐতিহ্যক নতুন উচ্চতালৈ লৈ গৈছে। তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ কৰ্মৰাজিৰ মাধ্যমেৰে তেওঁ অসমীয়া সমাজত চিৰজীৱী হৈ থাকিব।
Niyomiya Barta Desk, 11 August, 2025