নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৫ ৰাজ্যত হঠাৎ বৃদ্ধি ক’ৰোনাৰ আতংকঃ কেন্দ্রীয় সকীয়নি

নিয়মীয়া বার্তা,  ২১ ফেব্রুৱাৰীঃ দেশৰ পাঁচ ৰাজ্যত হঠাৎ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্রকে ধৰি পাঁচ ৰাজ্যত পুনৰ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাকলৈ উদ্বিগ্ণ কেন্দ্রীয় চৰকাৰ৷

দেশজুৰি ১ কোটিতকৈ অধিক লোকক ক’ভিড–১৯ ভেকচিন প্রদান কৰাৰ সময়তে পাঁচ ৰাজ্যত ঘাতক ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি পোৱাত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সকলো ৰাজ্যক সকীয়নি প্রদান কৰিছে৷

বিগত সপ্তাহ ধৰি পঞ্জাব, কেৰালা, মহাৰাষ্ট্র, ছত্তিশগড় আৰু মধ্যপ্রদেশত প্রতিদিনে ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে পৰিপ্রেক্ষিততেই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দেশৰ সকলো ৰাজ্যক অধিক সজাগ–সচেতন হ’বলৈ সকীয়নি দিছে৷

ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত দেশৰ ভিতৰতে শীর্ষস্থানত থকা মহাৰাষ্ট্রত ঘাতক ভাইৰাছটো প্রায় নিয়ন্ত্রণলৈ আহিছিল যদিও বিগত সপ্তাহৰ পৰা পুনৰ ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছে৷

সপ্তাহটোত নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন প্রান্তত ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিছে৷

অমৰাৱতীত সাপ্তাহিক লকডাউন বলৱৎ কৰিছে৷ মেট্র’ ৰে’লত মাস্ক নিপিন্ধা লোকক জৰিমনা বিহিছে৷ আনকি মাস্ক নিপিন্ধা লোকক সজাগ কৰিবলৈ চৰকাৰে ২৫০তকৈ অধিক মার্শ্বাল মেট্র’ ৰে’ল ষ্টেচনত মোতায়েন কৰিছে৷

পঞ্জাৱত বিগত ২৪ ঘণ্টাত ৩৮৩টা নতুনকৈ ক’ভিড–১৯ত আক্রান্ত লোক ধৰা পৰিছে৷ ঠিক তেনেদৰে মধ্যপ্রদেশ আৰু ছত্তিশগড়তো প্রতিদিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা অধিক হৈছে৷ কেৰালাত বিগত সপ্তাহ ধৰি প্রতিদিনে ক’ভিড–১৯ত আক্রাণৰ সংখ্যা বর্ধিত হৈ আছে৷ মন কৰিবলগীয়া যে দেশত সম্প্রতি সক্রিয় হৈ থকা ক’ভিড–১৯ ৰোগীৰ ভিতৰত মহাৰাষ্ট্র আৰু কেৰালাতেই ৭৫.৮৭ শতাংশ৷

You might also like