নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশ বিজ্ঞান অধ্যয়নৰ বাবে বিটিআৰৰ দহখন বিদ্যালয়ত গৱেষণা কেন্দ্ৰ 

🔹 ভিয়োমিকা স্পেচ একাডেমী-বিটিআৰ চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰ
ষ্টাফ ৰিপ’ৰ্টাৰ,  ২৩ ফেব্ৰুৱাৰী : বিটিআৰ এলেকাৰ ছাত্র-ছাত্ৰীসকলক মহাকাশ বিজ্ঞানৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে আজি ভিয়োমিকা স্পেচ (Vyomika Sapace) একাডেমী আৰু বিটিআৰ চৰকাৰৰ মাজত এক চুক্তি স্বাক্ষৰ হয়। বিটিআৰত মহাকাশ বিজ্ঞান শিক্ষাৰ নতুন অধ্যায় সূচনাৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিটিআৰ চৰকাৰ আৰু ভিয়োমিকা স্পেচ একাডেমীৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় ৷ বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত কোকৰাঝাৰ চহৰৰ নিলগৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে বিটিআৰ চৰকাৰৰ হৈ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন আৰু ভিয়োমিকা স্পেচ একাডেমীৰ হৈ মুখ্য কাৰ্য্যবাহী বিষয়া গোবিন্দ যাদৱে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷
সেই অনুসৰি ভিয়োমিকা স্পেচ একাডেমীয়ে বিটিআৰ এলেকাৰ দহখন বিদ্যালয়ত মহাকাশ বিজ্ঞান অধ্যয়নৰ বাবে গৱেষণা কেন্দ্ৰ স্থাপন কৰিব। উক্ত গৱেষণা কেন্দ্ৰ সকলো ছাত্র-ছাত্ৰীৰ বাবে মুকলি থাকিব। আজিৰ চুক্তি স্বাক্ষৰ কাৰ্যসূচীত বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ক্ৰমে উইলছন হাসদা, ৰেওৰেওৱা নাৰ্জীহাৰী, অৰূপ কুমাৰ দে, বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপ, ভিয়োমিকা স্পেচ একাডেমীৰ মুখ্য উপদেষ্টা টি.কে সুন্দৰমূৰ্তি আৰু মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ যাদৱ  উপস্থিত আছিল । অনুষ্ঠানত কোকৰাঝাৰৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ- ছাত্ৰী উপস্থিত আছিল ৷

 

প্ৰেৰক শুকুৰ আকন্দ

You might also like