নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্যকৰ ! ব’ৰ্ড পৰীক্ষাত অনুপস্থিত ৩ লক্ষাধিক শিক্ষার্থী

🔹 উত্তৰ প্রদেশৰ পৰীক্ষা কেন্দ্রত চি চি টিভি কেমেৰা

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : আৰম্ভ হৈছে উত্তৰ প্রদেশত দশম আৰু দ্বাদশ শ্রেণীৰ ব’ৰ্ড পৰীক্ষা৷ কিন্তু প্রথম দিনাই এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ আনকি ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে জ্বৰ৷ ব’ৰ্ড পৰীক্ষাত পূর্বৰ তুলনাত নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে উত্তৰ প্রদেশৰ পৰীক্ষা কেন্দ্রসমূহত৷ আনকি, চি চি টিভি কেমেৰাও বহুওৱা হৈছে পৰীক্ষা কেন্দ্রত৷ পৰীক্ষা কেন্দ্রত এনে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে প্রথম দিনাই পৰীক্ষা দিবলৈ নাহিল ৩,৩৩,৫৪১ শিক্ষার্থী৷ ইমানসংখ্যক শিক্ষার্থীৰ পৰীক্ষাত অনুপস্থিতিক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ অতীতত উত্তৰ প্রদেশত পৰীক্ষাত ব্যাপক অনিয়ম হৈছিল৷ আনকি ভুৱা পৰীক্ষার্থীয়ে গৈ পৰীক্ষাত বহিছিল৷ ৰাজ্যখনত এনে বিভিন্ন অঞ্চল আছে, য’ত কিতাপ খুলি পৰীক্ষাত উত্তৰ লিখে শিক্ষার্থীয়ে৷ এনে অভিযোগৰ বাবে শেহতীয়াকৈ নজৰদাৰী কঠোৰ কৰি তোলা হৈছে পৰীক্ষা কেন্দ্রসমূহত৷ ইয়াৰ বাবে ব’ৰ্ড পৰীক্ষাত অনুপস্থিত থাকিল ৩ লক্ষাধিক শিক্ষার্থী৷ প্রথম দিনাখন পুৱা আৰু বিয়লিৰ পৰীক্ষাত ইমানসংখ্যক শিক্ষার্থী অনুপস্থিত থকা বুলি চৰকাৰী বিবৃতিত প্রকাশ কৰা হৈছে৷

You might also like