নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন জুৱাৰ বিৰুদ্ধেও চলিব তীব্র অভিযান

🔹 বিধানসভাৰ মজিয়াত মন্ত্রী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : ৰাজ্যত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰা অনলাইন জুৱা বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ অনলাইন জুৱাৰ বিৰুদ্ধে শীঘ্রে ৰাজ্য চৰকাৰে তীব্র অভিযান আৰম্ভ কৰিব৷ আজি অসম বিধানসভাৰ মজিয়াত এই কথা সদৰী কৰে সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)–এ উত্থাপন কৰা এটা প্রশ্ণৰ উত্তৰত মন্ত্রী হাজৰিকাই কয় যে অনলাইন জুৱা অসমত নিষিদ্ধ৷ অসমত সেই নিষিদ্ধ ব্যৱস্থাৰে মানুহক জুৰুলা কৰাটো কোনোপধ্যে মানি ল’ব নোৱাৰি৷ ইয়াৰ বিৰুদ্ধেও তীব্র অভিযান চলোৱা হ’ব বুলি তেওঁ সদনক আশ্বস্ত কৰে৷ বিধায়ক ইছলামে মিছামাৰীত অব্যাহত থকা অনলাইন জুৱাৰ এক প্রসংগৰে বিভাগীয় মন্ত্রীৰ দৃষ্টি আকর্ষণ কৰিছিল৷ এই প্রসংগত মন্ত্রী হাজৰিকাই কয়– ‘শোণিতপুৰ জিলাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ গোচৰটোৰ নম্বৰ হৈছে মিছামাৰী আৰক্ষী থানাৰ ১১/২০২৪৷ এই গোচৰৰ পদকীয়া জালাল শ্বেখ বর্তমান পলাতক অৱস্থাত আছে৷ অসম আৰক্ষীয়ে সকলো ধৰণৰ জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈ আহিছে৷ অনলাইন জুৱা ছ’চিয়েল নেটৱর্কৰ দ্বাৰা প্রচাৰ হয় আৰু গ্রাহকক প্রলোভন দেখুৱাই আকর্ষিত কৰে আৰু শেষত তেওঁলোক এনেধৰণৰ জুৱাৰ এপৰ জৰিয়তে প্রৱঞ্চিত হয়৷ যিহেতু এইটো এটা অনলাইন ব্যৱস্থা, সেয়েহে যিকোনো সহজ-সৰল ব্যক্তি প্রলোভনত এনে প্লেটফর্মৰে জড়িত হৈ পৰে আৰু অৱশেষত প্রৱঞ্চিত হয়৷ এই অপৰাধ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে কেতবোৰ ব্যৱস্থা হাতত লৈছে৷ অসম আৰক্ষীৰ ছ’চিয়েল মিডিয়া ৱেবছাইট ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ দ্বাৰা ব্যাপক প্রচাৰ আৰু বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰা হৈছে৷ ২০২৩ চনৰ জুলাইত অসম আৰক্ষীয়ে দুখন চাইবাৰ আৰক্ষী থানা আৰু দুখন চাইবাৰ আৰক্ষী চকী স্থাপন কৰিছে৷ তাৎক্ষণিকভাৱে প্রৱঞ্চিত গ্রাহকক সহায় কৰাৰ বাবে অপৰাধ তদন্ত বিভাগত ১৯৩০ ট’ল ফ্রী নম্বৰ স্থাপন কৰা হৈছে৷’ আনহাতে, সাধাৰণতে প্রৱঞ্চিত হোৱা লোকসকলে আৰক্ষীৰ ওচৰত গোচৰ দাখিল নকৰে বুলি তেওঁ উল্লেখ কৰে৷ যাৰ বাবে এইক্ষেত্রত অধিক সজাগতাৰ প্রয়োজন আছে বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ লগতে বিধায়ক, সমাজৰ অগ্রণী ব্যক্তিসকলক অনলাইন জুৱাত প্রলোভিত হৈ নিৰীহ লোকসকলে যাতে অংশগ্রহণ নকৰে, তাৰ বাবে সজাগতাৰ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷

You might also like