নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ ৰাজহুৱা হ’ব গৌৰৱৰ পাকিস্তান কানেকচনৰ তথ্য

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এই ঘটনাৰ সৈতে বহু বিষয় জড়িত হৈ আছে৷ এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে সকলো দিশ তদন্তত সামৰি ল’ব পৰা নাই

জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ ন্যায় প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে কংগ্রেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ৰাজহুৱা কৰা হ’ব৷ এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রী ড০ শর্মাই কয়– গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত ইতিমধ্যে এছআইটিয়ে দাখিল কৰা প্রতিবেদন অনুসন্ধানৰ বাবে কেন্দ্রীয় সংস্থালৈ প্রেৰণ কৰা হ’ব৷ জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ আইনী প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে এই মাহৰ শেষভাগত অথবা জানুৱাৰীৰ প্রথম ভাগত এছআইটিয়ে দাখিল কৰা প্রতিবেদনৰ কিছু তথ্য ৰাজহুৱা কৰা হ’ব৷

অৱশ্যে এছআইটিৰ প্রতিবেদন বিস্তৃত অনুসন্ধান তথা তদন্তৰ বাবে কেন্দ্রীয় সংস্থালৈ প্রেৰণ কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে কয়– গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এই ঘটনাৰ সৈতে বহু বিষয় জড়িত হৈ আছে৷ এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে সকলো দিশ তদন্তত সামৰি ল’ব পৰা নাই৷

কিন্তু এছআইটিয়ে এই তদন্তকালত যি তথ্য সংগ্রহ কৰিছে, সেই তথ্য অভিযোগকাৰীৰ বিৰুদ্ধে যথেষ্ট৷ উল্লেখ্য যে ২০২৫ চনৰ ১৭ ফেব্রুৱাৰীত ৰাজ্যিক কেবিনেটে পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কার্যকলাপৰ তদন্তৰ বাবে এছআইটি গঠনৰ সিদ্ধান্ত লৈছিল৷

এছআইটিয়ে চলোৱা এই তদন্তত আলী তৌকিৰ শ্বেখৰ ভাৰতবিৰোধী কার্যকলাপৰ সৈতে এগৰাকী ব্রিটিছ নাগৰিক জড়িত থকাৰ তথ্য লাভ কৰিছিল, যিগৰাকী ব্রিটিছ নাগৰিক হ’ল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ৷ মুখ্যতঃ এই তথ্যৰ আধাৰত এছআইটিয়ে তদন্ত আৰম্ভ কৰি যোৱা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিছিল৷

মুখ্যমন্ত্রী ড০ শর্মাই তদন্ত ৰাজহুৱা কৰা সন্দর্ভত স্পষ্ট কৰে যে এছআইটিৰ প্রতিবেদনৰ সকলো দিশ কেন্দ্রীয় সংস্থাৰ দ্বাৰাহে পৰীক্ষা সম্ভৱ হ’ব৷

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ

You might also like