নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীণা দাসৰ ৰহস্যঘন হত্যাকাণ্ডঃ জেৰাৰ পিছতো মুখ নুখুলিলে অভিযুক্ত বোৱাৰী ললিতাই

নিয়মীয়া বার্তা, ৩০ নৱেম্বৰঃ বশিষ্ঠৰ পিলিংকাটাৰ সৰবৰহী মহিলা ৰীণা দাসৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল বোৱাৰী ললিতা দাস দলেক৷ বশিষ্ঠ আৰক্ষীয়ে পৃথকে পৃথকে ছদিনৰ জিম্মাত লৈছিল বোৱাৰী ললিতাক৷ কালি আৰক্ষী জিম্মাৰ সময় অন্ত পৰাত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযুক্ত ললিতা দাস দলেক হাজিৰ কৰায়৷

আদালতে অভিযুক্ত ললিতাক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে বশিষ্ঠ থানাৰ আৰক্ষীয়ে দুবাৰকৈ অভিযুক্ত ললিতা দাস দলেক জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছিল৷ কিন্তু আৰক্ষীৰ জেৰাত ৰীণা দাসৰ হত্যাকাণ্ড সন্দর্ভত মুখ নুখুলিলে অভিযুক্ত বোৱাৰী ললিতাই৷

ইফালে, ৰীণা দাসৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিলৰ বাবে আৰক্ষীয়ে পুত্রকে ধৰি কেইবাজনো লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷ বশিষ্ঠ থানাৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ ক্লু লাভ কৰা বুলি দাবী কৰিলেও হত্যাকাৰীৰ যে কোনো শুং–সূত্র উলিয়াব পৰা নাই, সেই কথা স্পষ্ট হৈ পৰিছে৷

You might also like