নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ হাতত ধৰি পুনৰ ৰাজ্যসভালৈ মন মেলিছে ৰিপুণ বৰাই

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ৰিপুণ বৰা। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰিপুণ বৰাৰ নাম। বৰ্তমানেও ৰাজ্যসভাৰ সাংসদ হৈ থকা বৰাৰ কাৰ্যকাল অহা ২ এপ্ৰিলত অন্ত পৰিব ।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয় আৰু পৰৱৰ্তী পৰ্যায়ত দলটোৰ বিধায়কৰ বিজেপি গমনৰ পৰিপ্ৰেক্ষিততে দুখন আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনত শক্তিহীন হৈ পৰিছে কংগ্ৰেছ দল। কিন্তু দলটোৰ এনে বিপৰ্যয়ৰ সময়তে ৰিপুন বৰাক পুনৰ ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানত তেওঁ ব্যাপক আশাবাদী বুলি মন্তব্য কৰিছে।

মন কৰিবলগীয়া যে ৰাজ্যসভাৰ  খালী হ’বলগীয়া এই দুয়োখন আসনৰ বাবে নিৰ্বাচন ৩১ মাৰ্চত অনুষ্ঠিত হ’ব।

আনহাতে শনিবাৰে দুপৰীয়া কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ সৈতে বৈঠকত মিলিত হয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক কৃষক নেতা অখিল গগৈ।

You might also like